NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ হাড়-ছালৰ সৈতে সাতজনকৈ লোকক আটক

Posted by: উত্তম শইকীয়া December 28, 2018 10:44 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া আৰু বোকাখাত আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত আজি সন্ধিয়া অভিযান চলাই ঢেকীয়াপতীয়া বাঘৰ হাড় আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত সাতজন লোকক আটক কৰবিলৈ সক্ষম হয়।

বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ৭ জন লোকে ঢেকীয়াপতীয়া বাঘৰ হাড় আৰু চাল কঢ়িওৱা এখন হালধীয়া ৰঙৰ মেজিক গাড়ীৰে নগাঁও দিশে আহি থকা অৱস্থাতে বনকৰ্মী আৰু আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। এই কথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই জানবিলৈ দিয়ে।

তাৰোপৰি ধৃত লোককেইজনৰ স্বীকাৰোক্তি মতে কহঁৰাৰ নিৱাসী কালু সিং নামৰ এজন ব্যক্তি ঘৰৰ পৰা প্ৰায় ৫ কেজি ওজনৰ ঢেকীয়াপতীয়া বাঘৰ হাড়া আৰু এখন ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে কালু সিঙৰ পুত্ৰ বলবীৰ সিঙক এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে ধৃত লোক কেইজনৰ মাজৰ এজনে দিয়া স্বীকাৰোক্তি মতে কাৰ্বি আংলং জিলাৰ ৰংবংৱে আৰক্ষী থানাৰ অধীনত কুৰ্জত পাহাৰত ফান পাতি এই ঢেকীয়াপতীয়া বাঘ নিধন কৰিছিল আৰু এই বাঘটোৰ হাড় আৰু ছাল বলবীৰ সিঙক যোগান ধৰিছিল।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে বলবীৰ সিঙক আৰক্ষীৰ বিশেষ সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰি বন্যপ্ৰাণী অপৰাধ সংক্ৰান্তত জেৰাও কৰিছিল । ঘটনাৰ সংক্ৰান্তত অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক বৰ্তমান জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।