NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত সন্মানীয় দাদা চাহেব ফাল্কে এক্সিলেন্স এৱাৰ্ড ২০১৮ৰ  বাবে মনোনীত

Posted by: এন ই নাও নিউজ March 28, 2018 8:14 pm
fashion designer Sanjukta Dutta

অসমৰ প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক সন্মানীয় দাদা চাহেব ফাল্কে এক্সিলেন্স এৱাৰ্ড ২০১৮ৰ  বাবে মনোনীত কৰা হৈছে। বৰ্ষটোৰ শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ শাখাত তেওঁক মনোনয়ন কৰা হৈছে।

বঁটা লাভ কৰি অত্যন্ত উৎফুল্লিত হৈ পৰা দত্তই তেওঁৰ ফেচবুক পষ্টত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি কয়, ‘আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জনাইছো…আপোনালোকৰ আশিৰ্বাদে মোক আজি এই স্থানত উপনীত হোৱাত সহায় কৰিছে।’

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰত প্ৰখ্যাত ডিজাইনাৰ গৰাকীক কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০১৮ৰ ৰেড কাৰ্পেটত খোজ কাঢ়িব লগীয়া হলীউডৰ তাৰকাসকলৰ সাজ-সজ্জা ডিজাইন কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

ইতিপুৰ্বে তেওঁ প্ৰিয়ঙ্কা চোপ্ৰা, বিপাশা বসু, জাৰীন খান, প্ৰীতি জিন্তা আদিৰ দৰে জনপ্ৰিয় বলীউড তাৰকাৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ নামী-দামী তাৰকাৰ বাবেও সাজ-পাৰ ডিজাইন কৰিছে।

নগাওঁ জিলাত জন্মগ্ৰহণ কৰা সংযুক্তা দত্তই  গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯৯৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

এগৰাকী ফেশ্বন ডিজাইনাৰ ৰূপে পৰিচিত হোৱাৰ পুৰ্বে তেওঁ গড়কাপ্তানি বিভাগত সহযোগী অভিযন্তা হিচাপে কৰ্মৰত আছিল।