NORTHEAST NOW (Assamese)
উত্তৰ-পূব

শনিবাৰে গেংটকত অনুষ্ঠিত হ’ব ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল

Posted by: সাগৰ ছেত্ৰী April 12, 2018 7:02 pm
sikkim football team

শনিবাৰে গেংটকৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১ম ড০ ভীমৰাও আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন ছিকিম আৰক্ষী বনাম  ছিকিম আক্ৰমণ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব।

আজি অনুষ্ঠিত ২য়খন ছেমি-ফাইনেল খেলখনত ব্ৰাডাৰহুড ফুটবল ক্লাবক ৪-১ গ’লত পৰাস্ত কৰি ছিকিম আক্ৰমণ ক্লাবে ফাইনেলত প্ৰৱেশ কৰিছিল।

অভিষেক ৰায় আৰু মনোজ ৰায়ে সহযোগিতাৰে ব্ৰাডাৰহুড ফুটবল ক্লাবক এটা পেনাল্টি কিকেৰে একমাত্ৰ গ’লটো দি ছিকিম আক্ৰমণ ক্লাবক বিজয়ী সাব্যস্ত কৰিছিল। অভিষেক ৰায়ক মেন অব দ্য মেচ প্ৰদান কৰা হয়।

জানিব পৰা গৈছে যে ১৪ এপ্ৰিল শনিবাৰে দুপৰীয়া ১ বজাত ফাইনেল খেলখন অনুষ্ঠিত হ’ব। স্থানীয় দলটোক উৎসাহিত কৰি বিজয়ী কৰাৰ বাবে আয়োজকসকলে স্থানীয় দৰ্শকৰ উপস্থিতি কামনা কৰিছে।