NORTHEAST NOW (Assamese)
অসম

নগাঁৱত আৰক্ষীৰ ড্ৰাগচ সৰবৰাহকাৰী চক্ৰ উৎখাত : বৃহৎ সংখ্যক ড্ৰাগচ উদ্ধাৰ

Posted by: এন ই নাও নিউজ April 12, 2018 7:04 pm

নগাঁৱত বুধবাৰে নিশা নগাঁও আৰক্ষী আৰু যমুনামুখ আৰক্ষীয়ে যৌথ অভিযান চলাই ড্ৰাগচ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগচ জব্দ কৰে।

জানিব পৰা মতে নগাঁও আৰু যমুনামুখ আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই এগৰাকী মহিলাকে ধৰি তিনিজন ড্ৰাগচ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগচ মাফিয়া কেইজনক আৰক্ষীয়ে ৰফিকুল ইছলাম আৰু চবিৰ আহমেদ বুলি চিনাক্ত কৰাৰ বিপৰীতে আটকাধীন মহিলা গৰাকীৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

এজন আৰক্ষী বিষয়াই জনোৱা মতে বুধবাৰে নিশা এক গোপন সূত্ৰৰ পৰা তেওঁলোকে আটকাধীন ৰফিকুল ইছলাম কঠীয়তলিত আত্মগোপন কৰি থকা বুলি খবৰ লাভ কৰে। আনহাতে খবৰ লাভ কৰাৰ লগে লগে কামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কঠীয়াতলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যমুনামুখ আৰক্ষী চকীৰ সহযোগত অঞ্চলটোত অভিযান চলাই উক্ত ড্ৰাগচ মাফিয়া কেইজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ড্ৰাগচ মাফিয়া কেইজনক আটক কৰাৰ লগতে বৃহৎ সংখ্যক ড্ৰাগচ আৰু এখন কাৰো জব্দ কৰে।