NORTHEAST NOW (Assamese)
অসম

আমনিত ২৭টা গৰুসহ এখন ট্ৰাক জব্দ; আটক তিনি চোৰাং বেপাৰী

Posted by: বিদ্যুত জ্যোতি বৰা, চামগুৰি Updated by: বিদ্যুত জ্যোতি বৰা, চামগুৰি March 25, 2022 8:37 pm
cattle seized Samaguri

গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো এচাম গো-মাফিয়াই বহি:ৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে।

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আজি পুৱতি নিশা আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ২৭ টা চোৰাং গৰু সহ তিনি গৰু বেপাৰী আৰু এখন পাঞ্জাৱ বডিৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ মতে, চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত  আৰক্ষীৰ অভিযানকাৰী দলটোৱে পুৱতি নিশা প্ৰায় ৩-১৫ বজাত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়।

লগতে পঢ়ক: হাতীডুবাত এছএছবি আৰু বন বিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ জব্দ বাহন

অভিযানকাৰী আৰক্ষীৰ দলটোৱে এ এছ জে কে ০২ চি ইউ ১৫৮৫ নম্বৰৰ পাঞ্জাৱ বডিৰ ট্ৰাকখনত কঢ়িয়াই অনা ২৭ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী জাকিৰ হুছেইন(৪০), চাইন ইকবাল আৰু চালক জাফৰ ইকবালক গ্ৰেপ্তাৰ কৰে।

এই গো মাফিয়া কেইটাই আৰক্ষীৰ চকুত ধুলি দি চিলাপথাৰৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ কৰি আনিছিল যদিও চামগুৰি আৰক্ষীৰ জালত ধৰা পৰে।

লগতে পঢ়ক: ব্যতিক্ৰম! বৃক্ষৰ তলত ছাত্ৰ-ছাত্ৰী,পাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল

আৰক্ষীয়ে ধৃত তিনি গো মাফিয়াক অধিক তথ্যৰ বাবে সোধপোচ কৰি থকাৰ লগতে জব্দকৃত গৰু কেইটা নগাঁৱৰ গোশালালৈ প্ৰেৰণ কৰিছে।