NORTHEAST NOW (Assamese)
অসম

মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2022 12:05 pm
medicine price hike-

মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাই সুখনিদ্ৰাত পৰিছে চৰকাৰ। পুনৰ চিন্তা বৃদ্ধি কৰি ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ঔষধৰ দাম বৃদ্ধিয়ে স্বাভাৱিকতে মধ্যবিত্তৰ জীৱন যাত্ৰা আৰু অধিক দুৰ্বিসহ কৰি তুলিব।

২০২১ বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭শতাংশ বৃদ্ধি পাব বুলি কোৱা হৈছে। পেৰাচিটামলৰ পৰা আৰম্ভ কৰি প্ৰেচাৰৰ ঔষধ, জৰুৰী হাৰ্টৰ ঔষধ, সংক্ৰমণ সম্বন্ধীয় ঔষধসমূহ দাম বৃদ্ধি পাব।

লগতে পঢ়ক: নৰ্থ-ইষ্ট নাওত নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা পাইকাৰী দৰ সূচক (হ’লচেল প্ৰাইচ ইনডেক্স)ৰ পৰিৱৰ্তন কৰা বুলি জানিবলৈ দিয়া হৈছে। ইয়াৰ ফলত কমেও ৮০০বিধ ঔষধৰ দাম বৃদ্ধি পাব। ইয়াৰ ভিতৰত বেছিভাগেই অত্যাৱশ্যকীয় ঔষধ।   

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে,’’কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ বিভাগৰ সূত্ৰত পোৱা তথ্য অনুসৰি ২০২০চনত তুলনাত ২০২১চনৰ হিচাপৰ ভিত্তিত ১০.৭৬শতাংশ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

অহা ১ এপ্ৰিলৰ পৰাই জ্বৰ, সংক্ৰমণ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, হৃদৰোগ, ছালৰ ঔষধ আদিৰ দাম বৃদ্ধি পাব। অৰ্থাৎ পেৰাচিটামলকে ধৰি অত্যাৱশ্যকীয় ঔষধসমূহৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ৰাছিয়াৰ আৰু এজন জেনেৰেলক হত্যা কৰাৰ দাবী ইউক্ৰেইনৰ সেনাৰ

ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা হৈ পৰা দেশৰ জনসাধাৰণৰ, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ বাবে ঔষধৰ দাম বৃদ্ধিৰে ‘জনপ্ৰিয় বিকাশমুখী চৰকাৰৰ’ এয়া কিহৰ উপহাৰ সেয়া বুজিবলৈ দুৰ্বোধ্য হৈ পৰিছে।