NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে ৩ লাখ শিক্ষাৰ্থী; জনালে উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2022 1:03 pm
WhatsApp Image 2022-03-26 at 12.34.30 PM

দিল্লী বিধানসভাত চলি থকা বাজেট অধিৱেশনত নিজৰ ভাষণ ৰখা সময়ত উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই শনিবাৰে কয় যে আপ চৰকাৰৰ কাৰ্যকালত শিক্ষা ব্যৱস্থাৰ ব্যাপক উন্নতি হৈছে। তেওঁ নিজৰ এই বক্তৱ্যৰ সমৰ্থনত তথ্যও দাঙি ধৰে।

তেওঁ দাঙি ধৰা তথ্য অনুসৰি দিল্লীৰ আপ চৰকাৰে বিদ্যালয়সমূহত ১৩,১৮১টা শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে। তদুপৰি, দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৩লাখ বৃদ্ধি পাইছে।

লগতে পঢ়ক: মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

সেইদৰে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ বাবে আপ চৰকাৰে ২০খন বিদ্যালয় স্থাপন কৰিছে। আগন্তুক দিনত আৰু ১১খন বিদ্যালয় স্থাপনৰ কথাও বিধানসভাত জানিবলৈ দিয়ে ছিচোদিয়াই।

দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায়,’’অহা শিক্ষাবৰ্ষৰ পৰা দিল্লীৰ সকলো চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহত ‘দেশভক্তি’ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ’ব।‘’

ইপিনে,এক বিবৃতিত উপ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে দিল্লী বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনক নতুনকৈ সজাই তোলা হৈছে। ৩০খন বিদ্যালয়ক এতিয়ালৈকে অনুমোদন দিয়া হৈছে।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ৰাছিয়াৰ আৰু এজন জেনেৰেলক হত্যা কৰাৰ দাবী ইউক্ৰেইনৰ সেনাৰ

উচ্চ শিক্ষাৰ প্ৰসংগত ছিচোদিয়াই কয় যে দিল্লী স্প’ৰ্টছ ইউনিভাৰ্ছিটি নিৰ্মাণৰ বাবে মাটিৰ আৱন্টন দিয়া হৈছে আৰু অহা বছৰৰ পৰা ২৫০গৰাকী ক্ৰীড়াবিদক প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰা হ’ব।