NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰতো ধুমুহাৰ তাণ্ডৱ; বিস্তৰ ক্ষতি

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ March 27, 2022 7:11 am
storm in Sibsagar.png final

শনিবাৰে সন্ধিয়া হঠাৎ অহা এজাক বিধ্বংসী ধুমুহাই কোবাই যায় শিৱসাগৰ নগৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চল।

শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত গছ-গছনি ভাগি পৰাৰ লগতে বিদ্যুতৰ তাৰ চিঙি পৰাত বহু পথৰ যাতায়ত বন্ধ হৈ পৰে।

আনহাতে, বহু স্থানত চলন্ত বাহনৰ ওপৰতে প্ৰকাণ্ড গছ হাউলি পৰাও দেখা যায়।

জিলাখনৰ জেঙনিকটীয়া, কুকুৰাপহীয়া, বনিয়াবাৰীকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাই বহুতো ঘৰ-বাৰী তচনচ কৰে।

এই বিধ্বংসী ধুমুহাত জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয়। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খৱৰ পোৱা হোৱা নাই।