NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ আজমলৰ

Posted by: এন ই নাও নিউজ April 12, 2018 9:02 pm
Loksabha election: AIUDF to play major role in Assam's Kaliabor

অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে পুৰীক্ষণৰ প্ৰক্ৰিয়াত জনসাধাৰণ সমস্যাৰ মুখামুখী হৈছে।

বুধবাৰে হাজেলালৈ প্ৰেৰণ কৰা পত্ৰখনত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষক বিষয়টোৱে সাধাৰণ নাগৰিকক সমস্যাত পেলোৱাৰ বিষয়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

কিছুসংখ্যক লোকে জাননী যথা সময়ত লাভ নকৰা কথাটো দলৰ দৃষ্টিগোচৰ হোৱাটো পত্ৰখনত আজমলে পত্ৰখনত উল্লেখ কৰিছে। যিহেতু পুনৰীক্ষণ কেন্দ্ৰ যিকোনো ঠাইতে অথবা যিকোনো দূৰত্বতে হ’ব পাৰে সেয়েহে সৰ্বসাধাৰণে আগতীয়াকৈ জাননী লাভ কৰিব লাগে বুলি তেওঁ প্ৰকাশ কৰিছে। আজমলে উল্লেখ কৰিছে যে ধুবুৰী আৰু গোৱালপাৰা আদি এলেকাত জনসাধাৰণে তাৰিখ উকলি যোৱাৰ পাছত জাননী লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।

তেওঁ আৰু অভিযোগ কৰিছে যে পুনৰীক্ষণ কেন্দ্ৰত অনাময় ব্যৱস্থাৰ অভাৱৰ বাবে দূৰৰ পৰা অহা লোকসকল অসুবিধাৰ সমুখীন হৈছে।

আজমলে সংশ্লষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছে যাতে পুনৰীক্ষণ কেন্দ্ৰসমূহত জনসাধাৰণৰ বাবে অস্থায়ী অনাময় ব্যৱস্থাৰ  সুবিধা কৰি দিয়ে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১য় খন খচৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰকাশ কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে আজমলে প্ৰকাশ হাজেলাক প্ৰশংসা কৰি কোনো প্ৰকৃত নাগৰিক যাতে অন্তিম খচৰাৰ পৰা বাদ পৰি নাযায় তাত দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰে।