NORTHEAST NOW (Assamese)
অসম

ৰঙালীক আদৰাৰ সময়ত নীৰৱে লোকবাদ্য নিৰ্মাণত ব্যস্ত শিল্পী নন্দলাল ৰবিদাস

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ March 27, 2022 1:49 pm
Instrument makers of Bihu.Nandalal

চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঢুলীয়াৰ ঢোলৰ চাপৰত এপাক নাচিবলৈ সাজু হৈছে নাচনীও। সমান্তৰালভাবে বিহুৰ বাবে ব্যস্ততা বাঢ়িছে কলিয়াবৰ হাতীগাঁৱৰ লোকবাদ্য নিৰ্মাতা শিল্পী নন্দলাল ৰবিদাসৰো।

হেঁপাহৰ ৰঙালীক আদৰাত ব্যস্ত শিল্পীজনে নিৰ্মাণ কৰিছে পেঁপা,বাঁহী, গগনা, সুতুলি আদি। লোক সংস্কৃতি আৰু লোকবাদ্য জীয়াই ৰাখিবলৈ নীৰৱে সংগ্ৰাম কৰা কলিয়াবৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাস নামৰ এই শিল্পীজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে লোকবাদ্য সমূহ।

অসমীয়া জাতীয় জীৱনৰ লগত শৈশৱৰে পৰা জৰিত হৈ পৰা শিল্পীজনে সুন্দৰকৈ বিহু গীত লিখি কণ্ঠদানো কৰিছে।

লগতে পঢ়ক: তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন; ২৯ এপ্ৰিলত আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

আনহাতে, বিভিন্ন থলুৱা বাদ্য পেঁপা, গগনা, সুতুলি আদি বাদ্য নিজ হাতেৰে গঢ় দিয়াৰ উপৰিও তেওঁ প্ৰতিটো বাদ্যযন্ত্ৰই সুন্দৰকৈ বজাবও পাৰে।

কিন্তু পৰিতাপৰ কথাটো হ’ল পৰিয়াল পোহপাল দিবলৈ শিল্পীজনে এতিয়া কল মিস্ত্ৰী কাম কৰিবলগা হৈছে। চৰকাৰী স্বীকৃতি নোপোৱা শিল্পীজনে তাৰ মাজতে চলাই গৈছে এই শিল্প সাধনা।