NORTHEAST NOW (Assamese)
অসম

নামনিমুৱা ছেকেন্দ্রাবাদ এক্সপ্রেছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও March 27, 2022 5:24 pm

বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ চৰকাৰী ৰে’লৱে আৰক্ষীয়ে নামনিমুৱা ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছৰ শৌচাগাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে পুৱা ১১ বজাত ত্ৰিপুৰাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা নিউ বঙাইগাঁও জংচনৰ দিশত আহি থকা ০৭০২৯ নম্বৰৰ নামনিমুৱা ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছৰ এছ-৯ এ নম্বৰৰ ডবাত চোৰাং ব্যৱসায়ীয়ে গাঞ্জা সৰবৰাহৰ সংবাদ লাভ কৰে ৷

এই খবৰ লাভ কৰাৰ পিচকে নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীৰ এটি দলে নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হয় আৰু ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছত উঠি তালাচী অব্যাহত ৰাখে ৷

চৰকাৰী ৰে’লৱে আৰক্ষীৰ দলটোৱে চলন্ত ৰে’লৱেত তালাচী অব্যাহত ৰখাৰ সময়তে ৰে’লখনৰ এছ – ৯ নম্বৰৰ ডবাটোৰ শৌচাগাৰত গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰকৃত গাঞ্জাখিনিৰ ওজন প্রায় ৩৫/৪০ কিলোগ্ৰাম হ’ব ৷

অভিযানকাৰী দলটোৱে পিচত গাঞ্জাখিনি নিউবঙাইগাঁও জংচনত নমাই ৰাখে ৷

লক্ষ্যণীয় যে ৰে’লৱে আৰক্ষীৰ দলটোৱে গাঞ্জা সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷