NORTHEAST NOW (Assamese)
অসম

ভূপৃষ্ঠৰ পৰা আকাশলৈ মাৰি পঠিয়াব পৰা ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 27, 2022 8:34 pm

চীন-পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে ভাৰতে আজি পুনৰ আন এক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হয়।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় সেনাই আজি ওড়িশাৰ বালাচোৰৰ উপকূলৰ পৰা মধ্যম দূৰত্বভেদী ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ মাৰি পঠিয়াব পৰা এক শক্তিশ্লী মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে এমআৰএছএএম-আৰ্মি মিছাইল বিধ বালাচোৰৰ পৰা দিনৰ প্ৰায় ১০.৩০ বজাত পৰীক্ষণ কৰা হয়। মিছাইল বিধে সঠিক সময়ত সঠিক লক্ষ্যত আঘাত কৰা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে।

উল্লেখ্য ভাৰতে বিগত কেইটামান দিন একাধিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছে। ভাৰতে ২৩ মাৰ্চত সফলতাৰে সম্পন্ন কৰিছিল ব্ৰাহ্মছ চুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষণ।

মিছাইলবিধে ইয়াৰ নিৰ্দিষ্ট লক্ষ্যত সফলতাৰে আঘাত হানিবলৈ সক্ষম হয় বুলি বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছিল।

মাৰ্চৰ প্ৰথম সপ্তাহতো ভাৰতীয় নৌসেনাই ব্ৰাহ্মছ ক্ৰুজ মিছাইলৰ এটা সফল পৰীক্ষণ কৰিছিল।

ব্ৰাহ্মছ মিছাইলে আঘাত হানিব পৰা লক্ষ্য স্থলৰ দূৰত্ব পূৰ্বৰ ২৯৮ কিলোমিটাৰৰ ঠাইত এতিয়া ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য শেহতীয়াকৈ ভাৰতে অত্যাধুনিক যুদ্ধ বিমান সুখয় ৩০ এমকেআইৰ পৰা শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।

অলপতে বংগোপসাগৰত সুখয় যুদ্ধ বিমানৰ পৰা মৰি পঠিওৱা হৈছিল ব্ৰাক্ষ্মছ মিছাইল। পূৰ্ব নিৰ্দ্ধাৰিত লক্ষ্যত মিছাইল বিধে সঠিক ভাবে আঘাত হানিবলৈ সক্ষম হয়।

কিছুদিন আগতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪৫০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানতো স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।