NORTHEAST NOW (Assamese)
Popular Stories

বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এই সুবিধা হিমাংশু প্ৰসাদ দাসৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2022 10:17 am
WhatsApp Image 2022-03-29 at 8.59.35 AM

অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এইবাৰ এক বিশেষ সুবিধা (অফাৰ!) আগবঢ়াইছে চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে। দৰ্শকৰ বাবে তেওঁ পৰিচালনা কৰা ব্যতিক্ৰমধৰ্মী চলচ্চিত্ৰ ‘গৰু’ মাত্ৰ ২৫ টকাতে চাব পৰাকৈ ইউটিউবত দিছে।

অসম চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ চলচ্চিত্ৰখনৰ শেহতীয়াকৈ চৰকাৰী উদ্যোগত  বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰিছে। নলবাৰীত ২৪ মাৰ্চৰ পৰা ৮ দিনীয়াকৈ প্ৰতিদিনে তিনিটাকৈ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ পৃষ্ঠপোষকতাত এই বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে নিজৰ ফেচবুকত ৰাজ্যৰ যিকোনো ঠাইতে দ্য কাশ্মীৰ ফাইলছৰ প্ৰদৰ্শনৰ বাবে নিগমৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে।

277349042_1295467374284820_4532437358850262868_n

ইয়াৰ বিপৰীতে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এনে প্ৰসংগতে এগৰাকী নাট্যকাৰ, অভিনেতা তথা সমাজ সচেতন অসমীয়া চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা ফেচবুক প’ষ্টৰ জৰিয়তে এক ঘোষণা কৰিছে।

ফেচবুক প’ষ্টটোত দাসে লিখিছে, ‘’ #সীমান্ত_শেখৰ আৰু তেওঁৰ বিভাগটোৱে সহায় কৰা হ’লে, চিনেমা খন ফ্ৰীতে দেখুৱাব পাৰিলোঁ হেতেন।কিন্তু কি কৰিব, আমিয়ো চাউল-দালি -নেমু ফ্ৰীতে নাপাওঁ। সেয়ে হিচাপ কৰি, আটাইতকৈ কমত দিব পৰা দামতেই চিনেমাখন youtube ত দিছোঁ।

#youtubeত পইচা দি চিনেমা চোৱা অভ্যাসটো আমাৰ কম। তথাপি youtube ত গৈ #Goru চিনেমাখন বিচাৰি চাওকচোন।আমি বহুজনে উৎসাহ পাম…’’

উল্লেখ্য যে ক’ভিডৰ তলাবন্ধৰ পিছতে যোৱা বছৰৰ ২৩ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন নাট্যমন্দিৰত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’ মুক্তি দিয়া হৈছিল ৷

ক্ৰেয়ন ট্ৰী প্ৰডাকচন বেনাৰত নিৰ্মিত ‘গৰু’ ৰ প্ৰযোজনা কৰিছে গীতা পাঠকে। হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহান, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ।

চিনেমাখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, অৰুণ নাথ, কমল লোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই।

অসমীয়া চলচ্চিত্ৰ উদ্যোগত কিছু ব্যতিক্ৰমী পৰিচালক হিচাপে পৰিচিত হিমাংশু প্ৰসাদ দাসে ‘গৰু’ৰ প্ৰচাৰৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰিছে ৷