NORTHEAST NOW (Assamese)
দেশ

সৰিস্কা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত ভয়ানক অগ্নিকাণ্ড; অগ্নি নিৰ্বাপনৰ বাবে মোতায়েন বায়ুসেনাৰ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2022 8:32 pm
Massive fire breaks out at Sariska Tiger Reserve

ৰাজস্থানৰ সৰিস্কা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত সৃষ্টি হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । সোমবাৰৰ পৰাই জ্বলি উঠা এই জুই ১০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিছে।

এই ভয়াৱহ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ু সেনাই দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰিছে বুলি শীৰ্ষ বিষয়াসকলে জানিবলৈ দিয়ে।

বায়ু সেনাই কয় যে সৰিস্কা টাইগাৰ ৰিজাৰ্ভৰ বৃহৎ অঞ্চলত বিয়পি পৰা জুই নিয়ন্ত্ৰণত সহায়ৰ বাবে আলৱাৰ জিলা প্ৰশাসনৰ অনুৰোধত দুখন Mi17 V5 হেলিকপ্টাৰ মোতায়েন কৰা হৈছে।

বৰ্তমান অগ্নি নিৰ্বাপন অভিযান চলি আছে বুলি বায়ু সেনাই লগতে কয়।

 

সোমবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

অগ্নি প্ৰভাৱিত অঞ্চলৰ চৌহদত বাস কৰা গাওঁবাসীসকলক ইতিমধ্যে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।