NORTHEAST NOW (Assamese)
অসম

ফলাফল ঘোষণা নকৰাকৈ ৱিকিপিডিয়াই ৰাজ্যসভাৰ সাংসদ সজালে বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 29, 2022 7:57 pm
Rajya Sabha Election

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ বৰ্তমানলৈকে অনুষ্ঠিত হোৱা নাই। অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন।

খালী হোৱা প্ৰথমখন আসনৰ বাবে বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বাবে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা জয়ী হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। নিৰ্দিষ্ট নিয়মৰ মাধ্যমেৰে তেওঁক জয়ী ঘোষণা কৰা হ’ব।

কিন্তু দ্বিতীয়খন আসনৰ বাবে ইতিমধ্যে দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে থিয় দিছে পূৰ্বৰ সাংসদ ৰিপুন বৰা আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ইউ.পি.এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে।

কিন্তু ইতিমধ্যেই গুগ’লত ৰাজ্যসভাৰ সাংসদৰ তালিকাত পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক সাংসদ হিচাপে দেখুওৱা হৈছে।

আনকি ৩ এপ্ৰিল ২০২২ ৰ পৰা ২ এপ্ৰিল ২০২৮ লৈকে দুয়োগৰাকীৰ কাৰ্য্যকাল উল্লেখ কৰা আছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰাজ্যখনৰ দ্বিতীয়খন আসনত কোন জয়ী হ’ব সেয়া এতিয়াও ঠিক হোৱা নাই। বিৰোধী ঐক্যৰ ভোটেৰে ৰিপুন বৰা জয়ী হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ লগতে ৰিপুন বৰায়ো নিজে দাবী কৰি আহিছে।

তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুয়োখন আসনতে বিজেপি জয়ী হ’ব বুলি দাবী কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰা হৰ্চ ট্ৰেডিঙ হোৱাৰ আশংকা কৰা হৈছে।

তাৰ বিপৰীতে ৱিকিপিডিয়াই ফলাফল ঘোষণাৰ পূৰ্বে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক সাংসদ সজোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।