NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

সংখ্যাগৰিষ্ঠতা হেৰুৱালে ইমৰান খানে: প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগৰ সম্ভাৱনা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2022 11:43 am
Imran Khan

শেহতীয়াকৈ চলি অহা ৰাজনৈতিক অস্থিৰতাৰ ফলস্বৰূপে আজিয়েই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

পাকিস্তান তেহৰিক-ই-ইনচাফ নেতৃত্বাধীন চৰকাৰখনে নেচনেল এচেম্বলীত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পাছতেই ইমৰান খানে পদত্যাগ কৰাৰ আশংকা কৰা হৈছে।

পাকিস্তানৰ পিটিআই চৰকাৰৰ গুৰুত্বপূৰ্ণ সহযোগী – মুত্তাহিদা কৌমী ম’ভমেণ্ট পাকিস্তানে (MQM) ইমৰান খান চৰকাৰৰ বিৰুদ্ধে নেচনেল এচেম্বলীত অনাস্থা ভোটৰ পূৰ্বে মুখ্য বিৰোধী দল – পাকিস্তান পিপলছ পাৰ্টি (PPP)ৰ সৈতে চুক্তি কৰিছে বুলি জানিব পৰা গৈছে।

“ঐক্যবদ্ধ বিৰোধী আৰু MQM এখন চুক্তিত উপনীত হৈছে। ৰবতা সমিতিৰ MQM আৰু PPP ৰ কেন্দ্ৰীয় কাৰ্যবাহী সমিতিয়ে উক্ত চুক্তিখন অনুমোদন কৰিব। আমি কাইলৈ এখন সংবাদমেলত সংবাদ মাধ্যমৰ আগত বিশদ বিৱৰণ কৰিম। পাকিস্তানক অভিনন্দন।” PPP ৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে টুইট কৰে।

শেহতীয়াকৈ পাকিস্তানত হোৱা অভূতপূৰ্ব ৰাজনৈতিক পৰিস্থিতিৰ পিছত নেচনেল এচেম্বলীত এতিয়া বিৰোধী দলৰ সদস্য ১৭৭ জনলৈ বৃদ্ধি পাইছে। আনহাতে ইমৰান খান নেতৃত্বাধীন চৰকাৰখনৰ মুঠ ১৬৪ জন সদস্য আছে।

পাকিস্তানৰ বিৰোধীয়ে ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত জয়ী হোৱাৰ বাবে ১৭২ টা ভোটৰ প্ৰয়োজন আছিল।

এনে পৰিস্থিতিত ইমৰান খানে প্ৰধানমন্ত্ৰী পদ ইস্তফা দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে।