NORTHEAST NOW (Assamese)
দেশ

বিজেপি কাৰ্যালয়ৰ সন্মুখত গাত জুই লগাই আত্মহননৰ চেষ্টা মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2022 7:53 pm
Woman attempts self-immolation

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি)লক্ষ্ণৌস্থিত কাৰ্যালয়ৰ বাহিৰত গাত জুই লগাই আত্মহননৰ চেষ্টা কৰে এগৰাকী মহিলাই।

নিজৰ শৰীৰত জুই লগাবলৈ চেষ্টা কৰা মহিলাগৰাকীক অৱশ্যে কৰ্তব্যৰত আৰক্ষীয়ে এনে কৰিবলৈ বাধা দিয়ে।

গোসাইনগঞ্জৰ বাসিন্দা মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ পুত্ৰক স্থানীয় আৰক্ষীয়ে বলপূৰ্বক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

“মোৰ পুত্ৰ সম্পূৰ্ণৰূপে নিৰ্দোষী। কিন্তু আৰক্ষীয়ে তেওঁক বলপূৰ্বক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।”—আত্মহননৰ দৰে কঠোৰ পদক্ষেপ লোৱাৰ কাৰণ ব্যাখ্যা কৰি মহিলা গৰাকীয়ে এইদৰে কয়।

আনহাতে মহিলাগৰাকীক আত্মহননৰ পৰা ৰক্ষা কৰাৰ পাছত আৰক্ষীয়ে মহিলাগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।