NORTHEAST NOW (Assamese)
Popular Stories

পুত্ৰ-বোৱাৰীয়ে নাচায়! ৰবীন্দ্ৰ জাদেজাৰ পিতৃৰ অভিযোগ সন্দৰ্ভত সোধাৰ লগে লগে ক্ষুব্ধ ৰিভাবা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2024 3:01 pm

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা সম্প্ৰতি চৰ্চাত। তেওঁ এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ব্যস্ত। আনহাতে, কেইদিনমান পূৰ্বে তেওঁৰ পিতৃ অনিৰুদ্ধ সিঙে পুত্ৰ ৰবীন্দ্ৰ জাদেজা আৰু পত্নী ৰিভাবাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

জাদেজাৰ পিতৃয়ে অভিযোগ কৰে যে ৰিভাবাই আৰ্থিক সম্পত্তিৰ বাহিৰে একো কথাই বুজি নাপায়। তেতিয়াৰ পৰাই ৰবীন্দ্ৰ জাদেজাৰ লগতে ৰিভাবা জাদেজাও চৰ্চাৰ মাজলৈ আহিছে।

ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জামনগৰ উত্তৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক। শেহতীয়াকৈ তেওঁ ৰাজনৈতিক প্ৰচাৰত অংশ লৈছিল। এই অনুষ্ঠানৰ সময়ত এজন সাংবাদিকে তেওঁৰ শহুৰেক অনিৰুদ্ধ সিং জাডেজাই উত্থাপন কৰা অভিযোগৰ বিষয়ে সুধিছিল। এই প্ৰশ্নটো শুনি ৰিভাবা খঙত জ্বলি উঠিল। তেওঁ সাংবাদিকজনক সুধিলে, ‘আজি আমি ইয়ালৈ কিয় আহিছো? এই বিষয়ে আপোনাৰ কিবা প্ৰশ্ন থাকিলে মোক পোনপটীয়াকৈ সুধিব পাৰে।’

লগতে পঢ়কঃ পুত্ৰ পৰিচয়েৰে প্ৰৱঞ্চনা! আৱেগেৰ খেলি মোবাইল-খাদ্যশস্য লৈ অন্তৰ্ধান ‘সন্যাসী’; ওলাল উৰহীৰ ওৰ

দৰাচলতে ৰবীন্দ্ৰ জাদেজা বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলা খেলাত ব্যস্ত। শৃংখলাৰ প্ৰথমখন মেচ অৰ্থাৎ হায়দৰাবাদ টেষ্টত তেওঁ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। কিন্তু, সেই টেষ্টত তেওঁ পুনৰ আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছতে দ্বিতীয়খন টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম এঘাৰজনৰ ভিতৰত জাদেজাক বাদ দিবলগীয়া হৈছিল।

আঘাতৰ পিছত জাদেজা ইতিমধ্যে পুনৰ্বাসনৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এনচিএ)ত উপস্থিত হৈছে। যদিও তেওঁক তৃতীয়খন টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট দলত ৰখা হৈছে, তথাপিও তেওঁক প্ৰথম এঘাৰত অন্তৰ্ভুক্ত কৰা হ’ব নে নহয় সেয়া সময়েহে ক’ব।

কিন্তু, ভাৰতীয় ক্ৰিকেট দলৰ এই অল-ৰাউণ্ডাৰগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে পিতৃয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। জাদেজাৰ পিতৃৰ মতে `ৰবীন্দ্ৰ সম্পূৰ্ণ সলনি হৈছে। তেওঁ ক্ৰিকেটাৰ নহ’লে চাগে ভাল হ’লহেঁতেন। ৰিভাবাই মোৰ ল’ৰাটোৰ ওপৰত ক’লা যাদু কৰিলে।‘ জাদেজাৰ পিতৃৰ এই বক্তব্য সন্মুখলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত ৰবীন্দ্ৰ আৰু ৰিভাবাক লৈ ট্ৰলিং আৰম্ভ হ’ল।

লগতে পঢ়কঃ পথ দুৰ্ঘটনাত প্ৰশিক্ষকসহ মৃত্যু মাৰাথনত বিশ্ব অভিলেখধাৰী এথলেট কেলভিন কিপটামৰ

অৱশ্যে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত মুকলিকৈ কৈছে। তেওঁ এটা টুইটযোগে কয় যে গোটেই কথাটো সম্পূৰ্ণৰূপে স্ক্ৰীপ্টেড। কিন্তু ঘৰৰ কথা ঘৰতে ৰখাই ভাল। যদি তেওঁ পৰিয়ালৰ বিষয়ে কোনো কথা ফাদিল কৰে, তেন্তে বহুতে বিপদত পৰিব পাৰে। এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে আওপকীয়াকৈ যে পিতৃক ভাবুকি দিছে, সেই কথা পৃথকে কোৱাৰ প্ৰয়োজন নাই।