• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনাত প্ৰশিক্ষকসহ মৃত্যু মাৰাথনত বিশ্ব অভিলেখধাৰী এথলেট কেলভিন কিপটামৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2024 9:59 am
কেলভিন কিপটাম। ফাইল ফটোঃ সংগ্ৰহীত।

কেলভিন কিপটাম। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেনিয়াত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে মাৰাথনৰ বিশ্ব অভিলেখধাৰী কেলভিন কিপটাম আৰু তেওঁৰ প্ৰশিক্ষক গেৰভাইছ হাকিজিমানাৰ। আৰক্ষীয়ে জনোৱা মতে, পশ্চিম কেনিয়াত দেওবাৰে তেওঁলোকৰ গাড়ীখন উলটি ছিটিকি পৰে আৰু দুৰ্ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়।

কেনিয়াৰ ২৪ বছৰীয়া দৌৰবিদ কিপটামে যোৱা বছৰ আমেৰিকাত অনুষ্ঠিত চিকাগো মাৰাথনত ২ ঘণ্টা ৩৫ ছেকেণ্ডত ৪২ কিলোমিটাৰ দৌৰ সমাপ্ত কৰি বিশ্ব অভিলেখ গঢ়িছিল। তেওঁ ৩৪ ছেকেণ্ড কম সময়েৰে দেশৰেই এলিউড কিপচোগেৰ অভিলেখ ভংগ কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিদ কিপটামে এইবাৰৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাৰ কথা আছিল।

লগতে পঢ়কঃ ভূত নহয় অদ্ভুত, শৱ ‘দাহ’ৰ পিছত জীৱন্তে ঘৰলৈ উভতি আহিল যুৱক!

Apply Now

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন কিপটামে নিজেই চলাইছিল বুলি  জানিবলৈ দি পশ্চিম কেনিয়াৰ এলগেয়ো মাৰাকেট কাউন্টিৰ আৰক্ষী কমাণ্ডাৰ পিটাৰ মুলিংগে সাংবাদিকৰ আগত কয় যে `গাড়ীখনত তিনিজন লোক আছিল। দুৰ্ঘটনাস্থলীতে কিপটাম আৰু তেওঁৰ প্ৰশিক্ষক দুয়োজনৰে মৃত্যু হয়। আন এজন ব্যক্তিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিপটাম ড্ৰাইভাৰৰ চিটত বহি আছিল। বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এগৰাকী মহিলা যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।‘

বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে কিপটামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁক ‘শেহতীয়া সময়ত ৰোড ৰানিঙৰ অন্যতম ৰোমাঞ্চকৰ নতুন আগমন’ বুলি অভিহিত কৰে। তেওঁ কয়, `বিশ্ব এথলেটিকছৰ তৰফৰ পৰা নিহত দুজনৰে পৰিয়াল, আত্মীয় স্বজন, বন্ধু-সতীৰ্থ তথা কেনিয়াৰ জনসাধাৰণলৈ আমাৰ গভীৰ সমবেদনা জনা লোঁ। কিপটাম আছিল এজন অবিশ্বাস্য খেলুৱৈ। আমি তেওঁক বহুত মিছ কৰিম।’

উল্লেখ্য যে ১০ বছৰ আগলৈকে কিপটামে পথাৰত ছাগলী আৰু ভেড়া চৰাইছিল। ইয়াৰ পিছতে তেওঁ ৰুৱাণ্ডাৰ প্ৰশিক্ষক হাকিজিমানাৰ তত্ত্বাৱধানত দীৰ্ঘ দূৰত্বৰ দৌৰৰ প্ৰতি মনোযোগ দিয়ে। ২০১৯ চনত কিপটামে দুসপ্তাহত দুটা হাফ মাৰাথন দৌৰিছিল, কোপেনহেগেনত ৬০ মিনিট ৪৮ ছেকেণ্ড, তাৰ পিছত ফ্ৰান্সৰ বেলফৰ্টত ৫৯ মিনিট ৫৩ ছেকেণ্ড দৌৰিছিল।

লগতে পঢ়কঃ ভাৰতৰ কূটনৈতিক জয়! কাটাৰে মুক্তি দিলে ৮ ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াক

কিপটামৰ পূৰ্বে আন দুগৰাকী কেনিয়াৰ খেলুৱৈয়ে কম বয়সতে পৃথিৱীৰ পৰা বিদায় লৈছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকত পদক লাভ কৰা চেমুৱেল ৱানজিৰুৰ মূৰত কোনো অজ্ঞাত বস্তুৰ খুন্দাত তিনি বছৰ পূৰ্বে মৃত্যু হৈছিল। আৰু ২০২১ চনত ২৫ বছৰীয়া দীৰ্ঘ দূৰত্বৰ দৌৰবিদ এগনেছ টিৰপৰ ঘৰত ছুৰীকাঘাতত মৃত্যু হয়। এই ঘটনাত যোৱা নৱেম্বৰ মাহত তেওঁৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd