NORTHEAST NOW (Assamese)
অসম

অৰ্কেষ্ট্ৰল ৰূপলৈ গুৰু দুজনাৰ বৰগীত, মেচিদনিয়াত অসমৰ অনুৰাগ শইকীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2019 9:29 pm
Macedonian Symphonic Orchestra

অসমৰ এক সাংস্কৃতিক পৰিচয় শ্ৰীমন্ত শংকৰ-মাধৱদেৱৰ “বৰগীত” উপস্থাপিত হ’ব বিশাল অৰ্কেষ্ট্ৰল ৰূপত।

বলিউদত কৰ্মৰত, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সংগীত পৰিচালক অসমৰ অনুৰাগ শইকীয়াৰ স্বপ্নৰ “প্ৰজেক্ত বৰগীত”ৰ অৰ্কেষ্ট্ৰল ৰূপ আপোনাৰ কাষলৈ আহিব অহা ডিচেম্বৰত।

ৰিপাব্লিক অৱ মেচিদনিয়াৰ “FAME: Macedonian Symphonic Orchestra” নামৰ এক পেচাদাৰী অৰ্কিষ্ট্ৰাই গুৰু দুজনাৰ বৰগীতৰ অৰ্কেষ্ট্ৰল ৰূপ দিব।

বৰ্তমানলৈকে বৰগীত পৰিৱেশনত অতি কম বাদ্যযন্ত্ৰ খুব বেছি— এযোৰ খোল-তাল বা বাঁহী ব্যৱহাৰ হয়; কিন্তু ইয়াৰ অৰ্কেষ্ট্ৰল উপস্থাপনত ব্যৱহৃত হ’ব অসংখ্য বাদ্য।

কিন্তু, ই “ফিউজন” নহয়, এক “কলাবৰে’চন”, ইণ্ডিয়ান এক্সপ্ৰেছত শইকীয়াই কয়।

সৰুতে যেতিয়া মই বৰগীত গোৱা দেখিছিলো, মই সদায় সপোন দেখিছিলো ইয়াক যদি এহেজাৰখন ভায়’লিনৰ সৈতে পৰিৱেশন কৰা হয়!…কিন্তু এইটো মই কেতিয়াও কোৱা নাই যে মই কোনোবা এজনে গীটাৰ এখন লৈ আহি বৰগীত এটা গোৱাটো বিচাৰিছো,শইকীয়াৰ মন্তব্য।

শইকীয়াই জনোৱা মতে, বৰগীতবোৰ অসমীয়া গায়কেই গাব, কিন্তু সেইবোৰক মেচিদনিয়াৰ অৰ্কিষ্টাটোৱে সংগীতসজ্জিত কৰিব।

গুৰু দুজনাই বৰগীতসমূহৰ কোনো “ন’টে’চন” লিখি যোৱা নাছিল। মূলতঃ বৰদোৱা, কমলাবাৰী আৰু বৰপেটা সত্ৰ—এই তিনি শৈলীৰে গীতসমূহ পৰিৱেশিত হৈ আহিছে।

শইকীয়াই কৈছে যে এই তিনি শৈলীয়েই অনন্য, ইয়াত ভুল-শুদ্ধ নাই, আটাইকেইটা ৰূপেই শুদ্ধ।

তেওঁ প্ৰকাশ কৰা মতে, “বৰগীত”ৰ বিষয়ে দীৰ্ঘদিনধৰি চৰ্চা চলাই অহা বিভিন্ন ব্যক্তিৰ সৈতে তেওঁ এই সম্পৰ্কে আলোচনা কৰিছে।

শইকীয়াৰ মতে, মেচিদনিয়াৰ অৰ্কিষ্টা গোটটোৰ পৰাও তেওঁ একেই প্ৰশ্নৰ সন্মুখীন হৈছিল; কিন্তু তেওঁলোকেই বৰগীতক লৈ এই বিশাল আয়োজনৰ বাবেও তেওঁক প্ৰেৰণা যোগালে।

প্ৰথমে শইকীয়া গোটটোৰ ওচৰলৈ দুটা বৰগীত ৰেকৰ্দিঙৰ বাবে গৈছিল। গীত দুটা শুনি বোলে গোটটো “সন্মোহিত” হ’ল আৰু সুধিলে, “এই গানকেইটা সন্মোহনকাৰী আৰু এশ বছৰতকৈয়ো পুৰণি। আপুনি কেনেকৈ জানিলে যে আপোনাৰ সংগ্ৰহখিনি শুদ্ধ, আৰু আটাইতকৈ বিশুদ্ধ ৰূপৰ?”

তাৰ পিছতেই শইকীয়াই এই বিশাল প্ৰকল্পটো বাস্তৱায়িত কৰাৰ কাম আৰম্ভ কৰিলে। কিন্তু পশ্চিমৰ অৰ্কিষ্টাৰ “বাজেট ভয়ংকৰ”, শইকীয়াই কয়।

শ্যামন্তক গৌতম নামৰ শইকীয়া-পৰিয়ালৰ এজন পুৰণি বন্ধুৱে গোটেই প্ৰকল্পটোৰ বাবে ধন যোগানৰ দায়িত্ব ল’লে আৰু ফলত “প্ৰজেক্ত বৰগীত” আগবাঢ়িব পাৰিলে, শইকীয়াই কয়।

ইতিপূৰ্বে ২০১২ চনতো এমেৰিকাবাসী অসমীয়া জয়ন্ত পাঠকে একে ধৰণৰ চিন্তাৰে ছটা বৰগীতৰ এটা এলবাম মুকলি কৰিছিল।

কিন্তু শইকীয়াৰ অৰ্কেষ্ট্ৰল আয়োজনৰ বিপৰীতে উক্ত এলবামটো আয়োজনৰ বিশালতা আছিল কম।

মেচিদনিয়ান চিম্ফনিক অৰ্কিষ্টা বচা বচা সংগীতশিল্পীক লৈ ২০০৯ চনত স্থাপিত এক গোট।

ইয়াৰ গৰিষ্ঠসংখ্যক শিল্পীৰ ইউৰ’প আৰু এমেৰিকাৰ অৰ্কিষ্টাত কাম কৰাৰ অভিজ্ঞতা আছে।

গোটটোৱে বিশ্বৰ বিভিন্ন প্ৰান্ত আৰু ভাষাৰ ৪০০ৰো অধিক চিনেমাৰ লগতে ভিডিঅ’ গে’ম, চি দি আদিৰ সংগীত কৰিছে।