NORTHEAST NOW (Assamese)
অসম

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ July 3, 2022 4:16 pm
দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

কলিয়াবৰৰ দেওচুৰত ৰাজহুৱা প্ৰতিবাদ। দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ।

জনবসতিপূৰ্ণ এলেকাক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণ নকৰাৰ দাবীত হাতে-হাতে প্লেকাৰ্ড লৈ ৰাইজৰ প্ৰতিবাদ।

প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ পৰিকল্পনাৰে শনিবাৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই আমগুৰি গাঁও পঞ্চায়তত আহ্বান কৰিছিল ৰাজহুৱা শুনানি।

চৰকাৰৰ এই পদক্ষেপৰ প্ৰতিবাদ জনাই হাতে-হাতে প্লেকাৰ্ড লৈ ওলাই আহিল স্থানীয় ৰাইজ। যুগ-যুগ ধৰি প্ৰকৃতিৰ সৈতে সহৱস্থান কৰি অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলটোত বসবাস কৰি অহা জনজাতীয় ৰাইজৰ জীৱন-জীৱিকা সুৰক্ষিত ৰখাৰ স্বাৰ্থত সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ নাকচ কৰিবলৈ দাবী জনালে স্থানীয় ৰাইজে।

জনাঞ্চলক বনাঞ্চল ঘোষণা নকৰাৰ দাবীত পাঁচ শতাধিক খিলীঞ্জীয়াৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজহুৱা শুনানিৰ স্থলী। চৰকাৰ তথা বন বিভাগলৈ ৰাইজৰ হুংকাৰ- “আমি তেজ দিম, কিন্তু মাটি নিদিওঁ।”