NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 3, 2022 4:22 pm
গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

গুৱাহাটীৰ পানীখাইটিত অৱস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে।

পশ্চিম বংগ, বিহাৰ, মেঘালয়, নাগালেন্ড, মহাৰাষ্ট্ৰ ত্ৰিপুৰা আৰু বাংলাদেশৰ পৰাও খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ৬৩ জন ফিডে ৰেটেড খেলুৱৈ সহ মুঠ ১৪০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতা খন ৮জুলাইত অন্ত পৰিব।

ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে এই প্ৰতিযোগিতা খনত মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিব।আজি প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰে।

উদ্বোধনী অনুষ্ঠানত দবা খেলুৱৈ অভিভাৱক ফোৰামৰ সভাপতি ড: শিবেন দত্ত, কোষাধ্যক্ষ চুজাউল ইছলাম হাজৰিকা, সহকাৰী সম্পাদক বিমল শৰ্মা, শান্তনু বৰঠাকুৰ আৰু মুখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকে।

আজিৰ খেলত শীৰ্ষ বাছনিৰ পশ্চিম বংগৰ অৰ্পণ দাসে অসমৰ অথৰ্ব মহন্তক পৰাজিত কৰে।