NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত ছমহীয়া আলোচনী ‘ৰজনীগন্ধা’ৰ শুভ উন্মোচন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও April 2, 2022 11:31 am

পুৰণি বঙাইগাঁৱৰ নিয়তি সংঘত ৰজনীগন্ধা প্ৰকাশন গোষ্ঠীৰ উদ্যোগত প্ৰকাশিত ছমহীয়া আলোচনী ‘ৰজনীগন্ধা’ ৰ প্ৰস্তাৱনা সংখ্যাটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷

এই উপলক্ষে নিয়তি সংঘত অনুষ্ঠিত এক অনুষ্ঠানত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱে ‘ৰজনীগন্ধা’ আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো শুভ উন্মোচন কৰে ৷

প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰি দিয়া বক্তব্যত তেওঁ প্ৰকাশন গোষ্ঠীক তেওঁলোকৰ এনে মহৎ প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰে ৷

লগতে আলোচনীখনত পুৰণি বঙাইগাঁৱৰ লগতে জিলাখনৰ সামাজিক- সাংস্কৃতিক অনুষ্ঠান তথা বিভিন্ন দিশক প্ৰতিফলিত কৰাৰ বাবে প্ৰকাশন গোষ্ঠীটোৱে গুৰুত্ব প্ৰদান কৰিব বুলিও আশা ব্যক্ত কৰে ৷ উল্লেখ্য যে পুৰণি বঙাইগাঁৱৰ সমাজকৰ্মী বলোৰাম ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত আলোচনীখনৰ শুভ উন্মোচনী অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কামাখ্যা প্ৰসাদ ৰায়ে ৷

অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বিক্ৰম মেধি, সমাজকৰ্মী গিৰিশ বৰুৱা, উত্তৰ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথ আদি ব্যক্তিসকল উপস্থিত থাকি প্ৰকাশন গোষ্ঠীটোৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে আলোচনীখনক পাঠক সমাজৰ ওচৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সন্দৰ্ভত দিহা – পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে অনুষ্ঠানত আলোচনীখনৰ যুটীয়া সম্পাদিকা ৰাণী দেৱী আৰু শকুন্তলা চৌধুৰীৰ লগতে ব্যৱস্থাপক পৱিত্ৰ কুমাৰ ৰায়েও আলোচনীখন প্ৰকাশ কৰিবলৈ ওলোৱাৰ সময়ত সন্মুখীন হোৱা সমস্যা তথা ভৱিষ্যৎ পৰিকল্পনা আদিৰ বিষয়ে উল্লেখ কৰে ৷

উল্লেখ্য যে প্ৰকাশন গোষ্ঠীটোৱে জানিবলৈ দিয়া মতে পৰৱৰ্তী সংখ্যাটো ৰঙালী বিহু বিশেষ সংখ্যা হিচাপে এপ্ৰিল মাহৰ শেষত বা মে মাহত প্ৰকাশ পাব ৷

আলোচনীখনত প্ৰকাশৰ বাবে লেখনি পঠিওৱাৰ শেষ তাৰিখ ১৫ এপ্ৰিল ৷ আলোচনীখনৰ মূল্য ৫০ টকা ধাৰ্য কৰা হৈছে ৷ আলোচনীখনক পাঠকে আদৰি ল’লে প্ৰচেষ্টা সফল হ’ব বুলি মন্তব্য কৰিছে প্ৰকাশন গোষ্ঠীটোৰ সৈতে জড়িতসকলে ৷