NORTHEAST NOW (Assamese)
অসম

ৰহস্য! শ্বাহৰুখ খানৰ পুত্র আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰৰ আকস্মিক মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2022 12:16 pm
WhatsApp Image 2022-04-02 at 11.17.15 AM

বলীউদৰ জনপ্ৰিয় তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেইলৰ আকস্মিকভাৱে মৃত্যু ঘটিছে। প্ৰভাকৰৰ অধিবক্তা তুষাৰ খাণ্ডাৰে জানিবলৈ দিয়ে যে শুকুৰবাৰে মুম্বাইৰ চেম্বুৰৰ মাহুল অঞ্চলত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছে।

আৰিয়ানৰ দেহৰক্ষী বাহিনীৰ মুৰব্বী কিৰন গোচাভিৰ দলৰ সদস্য প্ৰভাকৰে  কেইমাহমান পূৰ্বে অভিযোগ কৰিছিল যে মুম্বাইৰ বিলাসী জাহাজৰ কাণ্ডত আৰিয়ানৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ বাবে এনচিবিয়ে তেওঁক উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল।

লগতে পঢ়ক: বিক্ষোভত জ্বলিছে শ্ৰীলংকা! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰী অৱস্থা ঘোষণা

এনিচিবিৰ তদন্তকাৰী বিষয়া সমীৰ ৱাংখেড়ে গোচাভিক ফোনত এই প্ৰস্তাৱ দিয়া বুলি প্ৰভাকৰে অভিযোগ কৰিছিল।

তদুপৰি, প্ৰভাকৰে অভিযোগ কৰিছিল যে গোচাভি আৰু গোচৰৰ আন এগৰাকী সাক্ষী শ্যাম ডি’চুজাক কামত লগাই সমীৰে শ্বাহৰুখৰ পৰা ২৫ কোটি টকা আদায়ৰ ষড়যন্ত্ৰ কৰিছিল।

ধনৰ বিনিময়ত আৰিয়ানৰ বিৰুদ্ধে অভিযোগ হ্ৰাস কৰাৰ প্ৰস্তাৱলৈ শ্বাহৰুখৰ মেনেজাৰ পূজা দাদলানিৰ সৈতে গোচাভিয়ে সাক্ষাৎ কৰিছিল বুলিও দাবী কৰিছিল প্ৰভাকৰে।

লগতে পঢ়ক:ফিফা বিশ্বকাপ ২০২২: নিৰ্দ্ধাৰণ হ’ল কাটাৰ বিশ্বকাপৰ গ্ৰুপ বিভাজন; কোন গ্ৰুপত ব্ৰাজিল-আৰ্জেন্টিনা?

আনহাতে, সমীৰে ৱাংখেড়ে জোৰ কৰি তেওঁৰ হতুৱাই কিছুমান কাগজত স্বাক্ষৰ কৰাইছিল বুলিও আদালতত প্ৰভাকৰে শপতনামা দি অভিযোগ কৰিছিল। সেইদৰে, এই কথা ফাদিল কৰাৰ বাবে তেওঁৰ ‘ডাঙৰ ক্ষতি’ হ’ব পাৰে বুলিও শংকা প্ৰকাশ কৰিছিল। এতিয়া প্ৰভাকৰ মৃত্যুত সেই ‘শংকা’ই এক ৰহস্য হৈ ধৰা দিছে!