NORTHEAST NOW (Assamese)
অসম

সলনি হৈছে নিয়ম; চালকে আৰু লগত ৰাখিব নালাগে লাইচেন্সকে ধৰি দৰকাৰী নথি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 11:10 am
traffic-7-

কেন্দ্ৰীয় চৰকাৰে মটৰ ভেহিকেল সম্পৰ্কীয় নিয়মৰ সংশোধন ঘটাইছে। অহা অক্টোবৰৰ ১তাৰিখৰ পৰা গাড়ীৰ চালকে আৰু নিজৰ লগত দৰকাৰী নথিসমূহ লৈ ফুৰিব নালাগে।

এতিয়াৰে পৰা চালকে আৰু ড্ৰাইভিং লাইচেন্স, ৰেজিষ্টেশ্যন চাৰ্টিফিকেট, ইনছ্যুৰেন্সৰ কাগজ তথা পলিউশ্যন চাৰ্টিফিকেটৰ দৰে জৰুৰী নথিপত্ৰ লগত লৈ নুফুৰিলেও হ’ব।

অৱশ্যে, ইয়াৰ বাবে চালকে কেন্দ্ৰীয় চৰকাৰৰ ‘Digi-locker’ বা ‘m-parivahan’ প’ৰ্টেলৰ সৈতে ড্ৰাইভিং লাইচেন্সকে ধৰি আন নথিপত্ৰসমূহ সংযুক্ত কৰি ৰাখিব লাগিব। নহ’লে গাড়ীত হাৰ্ডকপি ৰাখিব লাগিব।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে এই সংক্ৰান্তত এখন নতুন আইন জাৰি কৰিছে।

সেই আইন অনুসৰি কোৱা হৈছে যে ড্ৰাইভিং লাইচেন্স আৰু ই-চালানকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথি প’ৰ্টেলৰ জৰিয়তে তদাৰক কৰা হ’ব।

ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নতুন জাননীত কোৱা হৈছে যানবাহন আৰক্ষীৰ হাতত এটা বিশেষ মেচিন দিয়া হ’ব।

সেই মেচিনত গাড়ীৰ ৰেজিষ্টেশ্যন নম্বৰ দিলেই গাড়ীৰ সংক্ৰান্তীয় তথ্য পোৱা যাব। ফলত কাগজপত্ৰ ৰখাৰ ঝামেলা নাথাকিব।

তদুপৰি, এটা ছফটৱেৰ অনা হৈছে য’ত কোনো আৰক্ষীয়ে সেই ছফটৱেৰ ডাউনলোড কৰি গাড়ীৰ ৰেজিষ্টেশ্যন নম্বৰ দিলে সকলো প্ৰয়োজনীয় তথ্য পোৱা যাব।

নতুন নিয়ম অনুসৰি ই-চালানৰ জৰিয়তে জৰিমনা আদায় দিয়াৰ সুবিধাও দিয়া হ’ব বুলি জানিব পৰা গৈছে।