NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত জাতীয় স্বাভিমান ৰক্ষাৰ সামূহিক প্ৰচেষ্টা জাতীয় সংগঠনৰ

Posted by: ৰিদিপ শৰ্মা April 13, 2018 8:58 am
IMG-20180412-WA0043

সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা , কলিয়াবৰ চিলাবন্ধাৰ শিপিনী গাওঁ, কনকলতা বোঁৱাকটা সমবায় সমিতি, বেঙেনাআটি বড়ো মহিলা সমাজ আৰু জখলাবন্ধাৰ স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মণি- মাধৱ মহন্তই জখলাবন্ধাত জাতীয় স্বাভিমান থলুৱা গামোচা ৰক্ষাৰ স্বাৰ্থত এক বিক্ৰী কেন্দ্ৰ মুকলি কৰে।

উক্ত বিক্ৰী কেন্দ্ৰটোত থলুৱা শিপিনীয়ে হাতে বোঁৱা গামোচাৰ লগতে আৰণাই, চেলেং,বৰকাপোৰ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে।

যি সময়ত সমগ্ৰ ৰাজ্যত বিদেশী মেচিনত তৈয়াৰী গামোচাই বজাৰ দখল কৰি আহিছে সেই সময়ত থলুৱা তাঁতশালত নিৰ্মিত হাতে বোঁৱা গামোচা বজাৰত এক বৃহৎ লোকচানৰ সন্মুখীন হোৱা দেখা গৈছে।

এনে সময়তে কলিয়াবৰ ছাত্র সন্থাকে প্ৰমূখ্য কৰি  দল সংগঠন কেইটাই আগুৱাই আহি বিদেশী গামোচাৰ সৈতে ফেৰ মাৰিব পৰাকৈ গ্ৰহণ কৰা ব্যৱস্থা সঁচাকৈয়ে প্ৰশংসনীয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

আনহাতে, কলিয়াবৰ মহকুমা প্ৰশাসনেও কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই  অবৈধ ভাৱে বিক্ৰী কৰি থকা কেইবাশ বিদেশী গামোচা জব্দ কৰাৰ লগতে সকলো ব্যৱসায়ীক থলুৱা গামোচা বিক্ৰীৰ আদেশ প্ৰদান কৰে।

সদৌ অসম ছাত্র সন্থাৰ উপসভাপতি মণি-মাধৱ মহন্তই উপস্থিত ৰাইজক জনায় যে অদূৰ ভৱিষ্যতে হাতে বোৱা এড়ী কাপোৰ, মেখেলা – চাদৰ আদি বিক্ৰীৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু তাৰ বাবে তেওঁ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।