NORTHEAST NOW (Assamese)
দেশ

অন্ধ বিশ্বাসৰ বলি কিশোৰী: প্ৰেতাত্মা খেদিবলৈ প্ৰথমে প্ৰহাৰ, পিছত ধূপ কাঠিৰে শৰীৰ জ্বলালে বেজে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2022 12:57 pm
Girl beaten and burned with incense stick

একৈশ শতিকাৰ এই বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ যুগতো অন্ধ বিশ্বাস, কু-সংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱা নাই ভাৰতীয় সমাজ। ভূত-প্ৰেত, ডাইনীৰ সন্দেহত এতিয়াও দেশৰ বহু প্ৰান্তত বেজ-কবিৰাজৰ চিকিৎসাৰ নামত নিৰ্যাতনৰ প্ৰথা অব্যাহত আছে।

এনে এক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ চাত্ৰা জিলাত। জিলাখনৰ এটা ভিতৰুৱা অঞ্চলৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ শৰীৰৰ পৰা প্ৰেতাত্মা খেদিবলৈ কিশোৰী গৰাকীক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে ধূপ কাঠিৰে শৰীৰ জ্বলাই দিয়ে এগৰাকী ভণ্ড বেজে।

কিছুদিন পূৰ্বে হোলী খেলি অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী। অসুস্থ কিশোৰীগৰাকীৰ পৰিয়ালে ইয়াতে ভীত-সন্ত্ৰস্ত হৈ বেজ মৌলানা মোঃ ৱাহিদৰ কাষ চাপে।

ভণ্ড বেজজনে পৰিয়ালটোক আশ্বাস দিয়ে যে তেওঁ কিশোৰীগৰাকীৰ শৰীৰৰ পৰা ভূত খেদি পঠিয়াব আৰু কিশোৰীগৰাকী সুস্থ হ’ব।

ইয়াৰ পিছত চাৰি দিনধৰি ৱাহিদে ভূত খেদাৰ নামত ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰে। এনে অত্যাচাৰত কিশোৰীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুওৱাই পেলায়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৱাহিদে কিশোৰীগৰাকীৰ সৰ্ব শৰীৰত প্ৰহাৰ কৰাৰ লগতে তাইৰ মুখ, ওঁঠ আৰু হাত জ্বলি থকা ধূপ কাঠিৰে জ্বলাই দিছিল।

এনে অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কিশোৰীগৰাকীক চাত্ৰাৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতিৰ বাবে পিছত ৰাঁচীৰ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (আৰআইএমএছ) ভৰ্তি কৰোৱা হয়।

জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে জানিবলৈ দিয়া অনুসৰি ছোৱালীজনীৰ পৰিয়ালে লাৱালং আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছত ৩৫ বছৰীয়া ৱাহিদক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে অভিযুক্ত ৱাহিদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ (হত্যাৰ চেষ্টা) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO) ৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।