NORTHEAST NOW (Assamese)
Popular Stories

দুডাল সাধাৰণ লাঠি আৰু এখন শাৰীৰে শ-শ ব্যক্তিৰ প্ৰাণ বচালে এগৰাকী মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2022 10:55 am
woman prevented a major train accident

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী বিশেষ মহিলা। অদম্য সাহস আৰু বুদ্ধিমত্তাৰে এইগৰাকী মহিলাই মাত্ৰ দুডাল লাঠি আৰু এখন শাৰীৰে ৰক্ষা কৰিলে শ-শ ব্যক্তিৰ জীৱন। ইয়াৰ পাছতে সামাজিক মাধ্যমত এই মহিলাগৰাকীৰ বিষয়ে চলিছে সৰৱ চৰ্চা।

উত্তৰ প্ৰদেশৰ এই ওমৱতী নামৰ মহিলাগৰাকীয়ে তাৎক্ষণিক বুদ্ধিমত্তাৰ পৰিচয় দি প্ৰতিহত কৰিছে এটা ডাঙৰ ৰে’ল দুৰ্ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি ওমৱতীয়ে খোজকাঢ়ি এটা ৰেল লাইন পাৰ হওঁতে ৰেল লাইনটোৰ মাজতে ছিগি থকা দেখিবলৈ পায়। সেই মুহূৰ্ততে অদূৰত এখন ৰেল সেই পথেৰে আহি থকা উমান পায় ওমৱতীয়ে।

মাত্ৰ মিনিটমান দূৰত থকা ট্ৰেইনখন দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ তাৎক্ষণিকভাৱে পদক্ষেপ লয় মহিলা গৰাকীয়ে।

উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী বিষয়াই টুইটাৰত লিখা এটা পোষ্ট অনুসৰি এনে পৰিস্থিতিত ভয় খোৱা বা আঁতৰি যোৱাৰ পৰিৱৰ্তে ওমৱতীয়ে লোকো পাইলটক সতৰ্ক কৰিবলৈ তাৎক্ষণিক পদক্ষেপ লয়।

তেওঁ ট্ৰেকৰ দুয়োফালে দুডাল লাঠি থিয় কৰাই এখন ৰঙা শাৰী ওলোমাই দিছিল। ইয়াৰ জৰিয়তে আহি থকা ৰেলখনৰ বাবে এটা বিপদ সংকেত দিয়ে ওমৱতীয়ে।

কেইমিনিটমানৰ ভিতৰতে ইটাহ-টুণ্ডলা যাত্ৰীবাহী ৰেলখন সেই ঠাইত উপস্থিত হয়। অৱশ্যে, চালকজনে ওমৱতীয়ে দিয়া বিপদ সংকেত দেখা পাই চলন্ত ৰেলখন ৰখাই দিয়ে, যাৰ ফলত সম্ভাৱ্য এটা ডাঙৰ দুৰ্ঘটনা প্ৰতিহত হয়।

 

ইয়াৰ পিছতে বিভাগীয় বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ট্ৰেকটো মেৰামতি কৰে।

আৰক্ষী বিষয়া জনৰ এই টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে অন্যান্য সামাজিক মাধ্যমতো মহিলা গৰাকীক কেন্দ্ৰ কৰি সৰৱ চৰ্চা আৰম্ভ হয়। মহিলাগৰাকীৰ এই বুদ্ধিমত্তাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।