NORTHEAST NOW (Assamese)
অসম

আজি অশোকাষ্টমী: ৰাজ্যজুৰি ভক্তৰ পূণ্যস্নান

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা April 9, 2022 3:01 pm

আজি পবিত্ৰ অশোকাষ্টমী। অশোকাষ্টমী উপলক্ষ্যে সমগ্ৰ ৰাজ্যতে হিন্দুৰ্ধমী লোকসকলে পুৱাই নৈৰ পাৰলৈ গৈ পূণ্য স্নান সম্পন্ন কৰে।

অশোকাষ্টমী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আজি মেলাৰো আয়োজন কৰা হৈছে।

বহু লোকে আজিৰ এই পবিত্ৰ দিনটোতে মৃতকৰ অস্থি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি নৈত বিসৰ্জন দিয়াও পৰিলক্ষিত হৈছে।
তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ বৰনদীৰ ঘাটতো আজি পুৱাৰে পৰাই আৰম্ভ হৈছে গঙ্গা স্নান।

প্ৰতিকূল বতৰকো নেওচি হিন্দুধর্মৰ ৰীতি- নীতি অনুসৰি পূৰ্ব পুৰুষৰ পিণ্ড দান আৰু আত্মাৰ শান্তিৰ কামনাৰে ১ নং বগৰীখুটি পোদ্দাৰ চ’কত বৰনদী ঘাটত পুৱাৰে পৰা ওলাই আহিছে বহু লোক।

নৈৰ ঘাটত পূজা সম্পন্ন কৰি গ্ৰহণ কৰিছে দৈ-চিৰা,ফল মূল আদি।

নাগ্ৰীজুলিৰ বৰনদীৰ বুকুত চলা এই অশোকাষ্টমী মেলাত আজি দিনৰ ভাগত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠান।

ব্ৰাহ্মণৰ মন্ত্ৰ পাঠত কাহিলী পুৱাৰে পৰা মুখৰিত হৈ পৰে নৈৰ ঘাট।