NORTHEAST NOW (Assamese)
Popular Stories

আশ্বৰ্যজনক! ৰোগীক ভুৱা ৰামদেছিৱিৰ প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল বিশ্ব হিন্দু পৰিষদৰ নেতা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 3:58 pm

ভুৱা ৰামদেছিৱিৰ প্ৰস্তুত আৰু বিক্ৰী কৰি গ্ৰেপ্তাৰৰ সম্মুখিন হৈছে বিশ্ব হিন্দু পৰিষদৰ এজন নেতা।

লোকজন মধ্যপ্ৰদেশৰ জবলপুৰৰ সৰৱজীত সিং মোখা।

সৰৱজীতে বিশ্ব হিন্দু পৰিষদৰ নৰ্মদা শাখাৰ সভাপতি পদবীত থকাৰ উপৰিও স্থানীয় ‘চিটি হস্পিতাল’খনৰ এগৰাকী সঞ্চালক।

সৰৱজীতৰ স’তে আন চাৰিজন লোককো এই সংক্ৰান্তত আটক কৰা হৈছএ।

অভিযোগ অনুসৰি, তেওঁলোকে ৫০০টাকৈ ভুৱা ৰামদেছিৱিৰৰ বেজী ক’ভিড ৰোগীসকলক প্ৰদান কৰিছিল।

বৰ্তমান সৰৱজীতক ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৪, ২৭৫, ৩০৮ আৰু ৪২০ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটো ৭ মে’ তাৰিখে পোহৰলৈ আহে।

গুজৰাট আৰক্ষীৰ এটা দলে ঘটনাটো পোহৰলৈ আনে।

বৰ্তমান আৰক্ষীয়ে ঘটনাটো অনুসন্ধান কৰি আছে।