NORTHEAST NOW (Assamese)
Popular Stories

২৩ বৰ্ষীয় এগৰাকী তৰুণীক একেলগে ৬ ড’জ ভেকচিন প্ৰদান!: ইয়াৰ পিছত কি হ’ল যুৱতীগৰাকীৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 4:11 pm
Woman

এটা বা দুটা ড’জ নহয়, এগৰাকী তৰুণীক ৬ টাকৈ কোভিড ভেকচিনৰ ড’জ দিয়াৰ দৰে অতি ভয়ংকৰ এক ঘটনা সংঘটিত হৈছে।

এই চৰম দায়িত্বহীন কাণ্ডটো সংঘটিত হৈছে ইটালীৰ এখন চিকিৎসালয়ত।

ঘটনাৰ বিৱৰণীৰ মতে ইটালীৰ এগৰাকী ২৩ বছৰীয়া তৰুণীক যোৱা দেওবাৰে ফাইজাৰৰ কোভিড ভেকচিন প্ৰদান কৰাৰ সময়ত চৰম দ্বায়িত্বহীনতাৰ পৰিচয় দি একেলগে ৬ টাকৈ ড’জ প্রদান কৰা হয়।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয়খনত হৈ চৈৰ সৃষ্টি হয় আৰু লগে লগে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসকৰ নিৰীক্ষণত ৰখা হয়।

ঘটনাটো সংঘটিত হোৱা চিকিৎসালয়খনৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে যে এটা বটলত ভেকচিনটোৰ ৬ টাকৈ ড’জ থাকে আৰু ভুলক্ৰমে স্বাস্থ্যকৰ্মীগৰাকীয়ে ৬ টাকৈ ড’জ একেলগে যুৱতীগৰাকীক প্ৰদান কৰে।

মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভেকচিনৰ খালী বটলটোৰ সৈতে আৰু পাঁচটা অব্যৱহৃত চিৰিঞ্জত উদ্ধাৰ হোৱাৰ পিছতে এই মাৰাত্মক ঘটনাটো পোহৰলৈ আহে। আৰু নিজৰ ভুল ধৰিব পাৰি লগে লগে চিকিৎসাকৰ্মীগৰাকীয়ে মাৰাত্মক ঘটনাটোৰ বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক অৱগত কৰে।

ইয়াৰ পিছতে তৰুণীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসকৰ নিৰীক্ষণত ৰখা হয়। চিকৎসকৰ প্ৰাথমিক পৰ্যবেক্ষণত যুৱতীগৰাকীয়ে কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা নাই বুলি প্ৰকাশ পাইছে।

সোমবাৰে সুস্থ হৈ থকাত যুৱতীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছে। অৱশ্যে ঘৰলৈ যাবলৈ দিলেও যুৱতীগৰাকীৰ স্বাস্থ্যৰ ওপৰত চিকিৎসকে নিৰীক্ষণ ৰাখিব বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।