NORTHEAST NOW (Assamese)
Popular Stories

অ’হ মাই গ’ড! ২০১৩ চনতে এইজন লোকে টুইট কৰিছিল যে কৰোণা ভাইৰাচ আহি আছে! চাওক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 3:42 pm
অ’হ মাই গ’ড! ২০১৩ চনতে এইজন লোকে টুইট কৰিছিল যে কৰোণা ভাইৰাচ আহি আছে! চাওক!

নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীৰ কথা আপুনি হয়তো শুনিছে।

কিন্তু নষ্ট্ৰাডামুছকো চেৰাই এজন লোকে ২০১৩ চনত টুইটাৰত দিয়া এটা প’ষ্টৰ সত্যতা প্ৰতিপন্ন হোৱাৰ পাছতে সামাজিক মাধ্যমত তুমূল চৰ্চা লাভ কৰিছে।

মাৰ্কো আকোৰটে নামৰ এজন লোকে টুইটাৰত ২০১৩ চনৰ ৩ জুন তাৰিখে লিখিছিল- ”কৰোণা ভাইৰাচ… আহি আছে!”

যদিও কি পৰিস্থিতিত পৰি তেওঁ এই টুইটটো কৰিছিল, জনা হোৱা নাই, কিন্তু ৮ বছৰৰ পাছত তেওঁৰ এই প’ষ্টটোৰ সম্পূৰ্ণ সত্যতা প্ৰতিপন্ন হোৱাৰ পাছতে সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

বিস্ময়জনকভাৱে, লোকজনে ২০১৬ চনৰ পৰা টুইটাৰত কোনো প’ষ্ট কৰা নাই।

তেওঁৰ শেষৰ প’ষ্টটো আছিল এটা স্মাইলী আৰু ই যেন এটা ইংগিত প্ৰদৰ্শন কৰিছে!

বহু লোকে তেওঁৰ এই প’ষ্টটোক লৈ বিস্ময় প্ৰদৰ্শন কৰিছে।