NORTHEAST NOW (Assamese)
Popular Stories

সুখবৰ! : কোভিডশ্বীল্ডৰ প্ৰথম পালি প্ৰতিষেধকে মৃত্যু হাৰ ৮০% লৈ হ্ৰাস কৰে; দ্বিতীয় পালিয়ে কিমান কৰে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 3:06 pm
covishield-2 jpg

এতিয়াও সমগ্ৰ বিশ্বই কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। বিশ্বৰ বিভিন্ন দেশে মহামাৰী কৰোনাক প্ৰতিৰোধ কৰাৰ যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে ভেকচিন প্ৰস্তুতিও চলাই আহিছে।

ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত কেবাটাও ভেকচিনৰ টিকাকৰণ আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত আষ্ট্ৰাজেনেকাৰৰ কোভিডশ্বীল্ড নামৰ ভেকচিনটোৱেই প্ৰধান।

আষ্ট্ৰাজেনেকাৰৰ কোভিডশ্বীল্ড ভেকচিনটোৰ ওপৰত চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে এই ভেকচিনৰ প্ৰথমটো ড’জ লোৱাৰ পিছত মৃত্যুৰ হাৰ ৮০ শতাংশলৈ হ্ৰাস হৈছে।

পাব্লিক হেল্থ ইংলেণ্ড নামৰ এক সংস্থাই সোমবাৰে এই দাবী কৰিছে। সংস্থাটোৱে লগতো দাবী কৰিছে যে ইয়াৰ দ্বিতীয় ড’জ গ্ৰহণ কৰাৰ পিছত মৃত্যুৰ আংশকা প্ৰায় ৯৭ শতাংশ হ্ৰাস হয়।

গৱেষণাৰ মতে ফাইজাৰ নামৰ ভেকচিনটোৰ ক্ষেত্ৰতো একেই প্ৰতিচ্ছবি দেখা পোৱা গৈছে। এই ভেকচিনটোৰ প্ৰথম আৰু দ্বিতীয় ড’জ গ্ৰহণ কৰাৰ পিছতো ৮০ আৰু ৯৭ শতাংশ মৃত্যুৰ হাৰ কমিছে।

সংস্থাটোৱে টিকা গ্ৰহণ কৰা আৰু টিকা গ্ৰহণ নকৰা সাধাৰণ মানুহৰ মাজত গৱেষণা চলাই এই দাবী কৰিছে।

ইফালে ব্ৰিটেইনত এতিয়াও কৰোনাৰ প্ৰকোপ কমা নাই। অৱশ্যে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ বাবে লকডাউন কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছে।

উল্লেখ্য যে আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড ভেকচিনটোৰ প্ৰস্তুতিত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লগতে বিশ্বৰ বৃহতম প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট জড়িত হৈ আছে।

ভাৰততো কোভিডশ্বীল্ড ভেকচিনটোৰ প্ৰথম আৰু দ্বিতীয় ড’জ প্ৰদান কৰি থকা হৈছে।