NORTHEAST NOW (Assamese)
অসম

হিন্দী ভাষা বাধ্যতামূলক কৰাৰ ঘোষণাক আদৰণি অসম সাহিত্য সভাৰ একালৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 9, 2022 5:41 pm

সুদীৰ্ঘ কাল অসম সাহিত্য সভাত খোপনি পুতি থকা পৰমানন্দ ৰাজবংশীৰ মুখত এতিয়া হিন্দী ভাষাৰ জয়গান।

একালত দোকান-পোহাৰ বা চৰকাৰী কাৰ্যালয়লৈ গৈ ইংৰাজী ভাষাৰ বেনাৰত ক’লা ৰং সনা পৰমান্দ ৰাজবংশী বিজেপিলৈ আহি গেৰুৱা সাজ পিন্ধি কেন্দ্ৰৰ সুৰতে সুৰ মিলাই মন্তব্য কৰিছে— “হিন্দী আমাক লাগে। সৰুতে আমিও হিন্দী পঢ়িছিলো”।

পূৰ্বেও হিন্দী ভাষা বাধ্যতামূলকভাৱে পঢ়া বুলি উদ্ভট মন্তব্য কৰি ৰাজবংশীয়ে লগতে কয় “কিন্তু আঞ্চলিক ভাষাৰ গুৰুত্ব থাকিব লাগিব। অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোতে চতুৰ্থ ভাষাৰ সূত্ৰ দিছিলো। এই সূত্ৰ দিলে অসমীয়া ভাষাৰ গুৰুত্ব কমি নাযায়”।

“ষষ্ঠমান শ্ৰেণীৰ পৰা বাধ্যতামূলক হিচাপে হিন্দী পঢ়িছিলো। সেইকাৰণে বাধ্যতামূলক কৰিলেও কৰক, আমাৰ কোনো আপত্তি নাই”। একালৰ অসম সাহিত্য সভাৰ সভাপতিৰ মুখত এনে মন্তব্যই সঁচাকৈয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।