NORTHEAST NOW (Assamese)
অসম

ভূপেন বৰাৰ হুংকাৰ: সমষ্টিয়ে সমষ্টিয়ে এ আই ইউ ডি এফ- ৰ বিৰুদ্ধে যুঁজিব কংগ্ৰেছে

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 9, 2022 5:53 pm
Bhupen Borah to Kariuddin Borbhuyan

শুক্ৰবাৰে এক সংবাদমেলত এ আই ইউ ডি এফ- ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছৰ বিৰুদ্ধে দিয়া এক মন্তব্যক ওলোটাই কটাক্ষ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

বিধায়ক কৰিমুদ্দিন বৰভূঞাই শুকুৰবাৰে মন্তব্য কৰিছিল যে কংগ্ৰেছৰ সাম্প্ৰতিক অৱস্থা এ আই ইউ ডি এফ- ৰ বাবে ভাল। কংগ্ৰেছে ২০২৪ চনত ‘০’ মাৰিব আৰু ২০২৬ ত কংগ্ৰেছৰ অৱস্থা ‘০০’ হ’বগৈ।

বিধায়কজনৰ এই মন্তব্যক কটাক্ষ কৰি আজি ৰাজীৱ ভৱনত ভূপেন বৰাই কয় “এ আই ইউ ডি এফ- এ এইদৰে নিজৰ কথাহে কৈছে, কংগ্ৰেছৰ কথা কোৱা নাই। তেওঁলোকৰ বুকু কঁপি গৈছে।”

কংগ্ৰেছে ৰমজান মাহৰ বাবে ৩ মে’ তাৰিখলৈ অপেক্ষা কৰিছে বুলি মন্তব্য কৰি বৰাই কয় যে ৩ মে’ৰ পাছত এ আই ইউ ডি এফ- ৰ সমষ্টি বিলাকত কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰিব।

বিজেপি আৰু আৰএছএছ- ৰ বিৰুদ্ধে যুঁজ দিয়াৰ পূৰ্বে কংগ্ৰেছে প্ৰথমে এ আই ইউ ডি এফ- ৰ বিৰুদ্ধে যুঁজ দিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

উল্লেখ্য যে শুকুৰবাৰে এক সংবাদমেলত বিধায়ক কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছৰ দলটো এটা সৰু ক্লাবলৈ পৰিণত হ’ল বুলি কটাক্ষ কৰিছিল।

“কংগ্ৰেছ এনেকৈ থাকিলে ২০২৪ ত কংগ্ৰেছে ‘০’ মাৰিব আৰু ২৬ ত ‘০০ হ’বগৈ” বুলিও বিদ্ৰুপ কৰিছিল কৰিমুদ্দিন বৰভূঞাই।

লগতে কংগ্ৰেছত কোন সভাপতি হ’ব কোন কি হ’ব তাক লৈয়ে যুদ্ধ লাগে বুলি তেওঁ কটাক্ষ কৰিছিল।