NORTHEAST NOW (Assamese)
অসম

হিন্দী ভাষাৰ বাধ্যতামূলক বিতৰ্কক লৈ মুখ খুলিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 9, 2022 6:19 pm

শুক্ৰবাৰৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষা বাধ্যতামূলক সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া।

ডিফুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শইকীয়াই কয় “অসম সাহিত্য সভাই অসমীয়া ভাষা নস্যাৎ কৰা কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। অসমত নিজস্ব অসমীয়া ভাষা আছে, অন্যান্য জাতি-জনগোষ্ঠীৰ ভাষা আছে। অসমত অসমীয়া ভাষাৰ ঐতিহাসিক স্থান আছে আৰু সম্প্ৰীতিৰ দোলেৰে সকলোকে ই বান্ধি ৰাখিছে”।

ইপিনে, কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত অসমীয়া ভাষাৰ মৰ্যাদা লাভ কৰিব লাগে বুলি অসম সাহিত্য সভাই দাবী জনাইছিল বুলি তেওঁ উল্লেখ কৰে।

“ইংৰাজী মাধ্যমৰ বিদ্যালয়, চি.বি.এছ.ই ইত্যাদি বিদ্যালয়তো অসমীয়া ভাষাৰ প্ৰৱৰ্তনৰ কথা নিশ্চিত কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলো”। শইকীয়াই এইদৰে কয়।

অসমীয়া ভাষাক হেয় প্ৰতিপন্ন কৰাতকৈ এক উচিত স্থান দি আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি শইকীয়াই মন্তব্য কৰে।