NORTHEAST NOW (Assamese)
দেশ

মৃত্যুৱেই একমাত্ৰ পথ: ভূমি দখলৰ বিৰুদ্ধে ডিঙিত ফাঁচ লগাই অভিনৱ প্ৰতিবাদ জনজাতীয় মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2022 8:41 pm
Andhra Women Protest With Noose Around Neck

ব্যক্তিগত মালিকানাধীন কোম্পানীৰ অবৈধ ভূমি দখলৰ বিৰুদ্ধে ডিঙিত ফাঁচ লগাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে অন্ধ্ৰ প্ৰদেশৰ এটা অঞ্চলৰ স্থানীয় জনজাতীয় মহিলাই।

ৰাজ্যখনৰ উৰাভাকোণ্ডা চহৰৰ স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিনে ব্যৱহাৰ কৰি অহা কৃষি ভূমি এক প্ৰতিষ্ঠানে অবৈধভাৱে দখল কৰিবলৈ চেষ্টা কৰাৰ পিছত এই পথ ল’বলৈ বাধ্য হয় স্থানীয় মহিলা সকলে।

তেওঁলোকে কয়, “যদি আপোনালোকে এই কৃষিভূমিৰ কাজু বাগিছা উচ্ছেদ কৰে, তেতিয়াহ’লে আমাৰ ওচৰত মৃত্যুক আঁকোৱালি লোৱাৰ বাহিৰে কোনো বিকল্প নাই। আমাৰ জীৱিকা এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰে।”

মহিলাসকলে অভিযোগ কৰিছে যে তেওঁলোকে খেতি কৰা মাটিখিনি বলপূৰ্বক কাঢ়ি লোৱা হৈছে আৰু গ্ৰেনাইট খনন কোম্পানীক আৱণ্টন কৰা হৈছে।

প্ৰতিবাদী মহিলা সকলে অভিযোগ কৰে যে তেওঁলোকে গ্ৰেনাইট কোম্পানীৰ পৰা কোনো ধন লোৱা নাই। কিছুমান মানুহে অবৈধভাৱে ধনৰ বিনিময়ত আমাৰ মাটি বোৰ হস্তান্তৰ কৰিছে।

“আমাৰ ওচৰত ভূমিৰ মালিকীস্বত্বৰ কোনো নথি-পত্ৰ নাই। চৰকাৰে আমাক এই ভূমিত খেতি কৰিবলৈ অনুমতি দিছিল। কিন্তু এতিয়া তেওঁলোকে কৃষিভূমিৰ শস্য উচ্ছেদ কৰিবলৈ জেচিবি আনিছে।”‐ তেওঁলোকে লগতে কয়।

“মুদুগুলা মণ্ডল ৰাজহ বিষয়াই আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে আৰু আমাৰ বাগিচাৰ মাজেৰে ৰাস্তা নিৰ্মাণৰ চেষ্টা কৰি থকা খনি কোম্পানীটোক বাধা দিয়াৰ বাবে আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আমি বিচাৰো যে যুটীয়া সংগ্ৰাহকে এটা তদন্ত কৰক।”- প্ৰতিবাদৰ নেতৃত্ব বহন কৰা এগৰাকী মহিলাই কয়।

আনহাতে স্থানীয় বাসিন্দাসকলৰ এনে প্ৰতিবাদৰ পাছতো গা লৰা নাই চৰকাৰৰ। এই পৰ্যন্ত এই বিষয়ত কোনো মন্তব্যৰ পৰা বিৰত আছে চৰকাৰী বিষয়াসকল।

স্থানীয় জনজাতীয় বাসিন্দাসকলে তেওঁলোকৰ নায্য দাবীত সোমবাৰে বিশাখাপত্তনমৰ যুটীয়া সংগ্ৰাহকৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।