NORTHEAST NOW (Assamese)
অসম

কোভিডৰ এটা বুষ্টাৰ ভেকচিন ল’বলৈ ব্যক্তিগত চিকিৎসালয়ক দিব লাগিব ১৫০ টকা, ভেকচিনৰ দাম সুকীয়া

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 10, 2022 4:12 pm

এটা বেজী ল’বলৈ আপুনি হয়তো বেজী দিয়া নাৰ্চ বা আন কোনো স্বাস্থ্যকৰ্মীক ২০ অথবা ৩০ টকা দি পাইছে। কিন্তু কোভিডৰ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ আপুনি বেজী দিয়া লোক জনক সেৱাৰ মূল্য হিচাবে দিব লাগিব ১৫০ টকা। বেজী লোৱাৰ বাবদ ১৫০ টকা আৰু ভেকচিনৰ দাম মিলি আপুনি বহু পৰিমাণৰ ধন ব্যক্তিগত চিকিৎসালয়ত আদায় দি আহিব লাগিব।

কোভিডৰ সংহাৰৰ আশংকা কৰিয়েই ভাৰত চৰকাৰে কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰে পৰা ১৮ বছৰৰ ওপৰৰ লোকসকলক বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।এনে সময়তে কেন্দ্ৰই শনিবাৰে ৰাজ্যসমূহক এই বুলি নিৰ্দেশনা দিয়ে যে বুষ্টাৰ পালিটো প্ৰথম দুটা পালি যি ভেকচিন গ্ৰহণ কৰিছিল সেই ভেকচিনেই হ’ব লাগিব।
ব্যক্তিগত টিকাকৰণ কেন্দ্ৰবোৰে এই বুষ্টাৰ পালি প্ৰদান কৰিব। বুষ্টাৰ পালি প্ৰদানৰ বাবে ভেকচিনৰ মূল দামৰ উপৰি সেৱা মাচুল হিচাপে প্ৰতিটো পালিত সৰ্বাধিক ১৫০ টকা আদায় দিব লাগিব।

আজি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবসকলৰ এক বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বুষ্টাৰ পালিৰ বাবে নতুনকৈ পঞ্জীয়নৰ প্ৰয়োজন নহ’ব। পূৰ্বৰ পঞ্জীয়নৰ ভিত্তিতে এই পালি প্ৰদান কৰা হ’ব।

বুষ্টাৰ পালি প্ৰদানৰ সকলো তথ্য বাধ্যতামূলকভাৱে কো-উইন এপত নথিভুক্ত কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে  এইবুলি ঘোষণা কৰে যে ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।

অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব।