NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি: গুৱাহাটীৰ বিমান বন্দৰত স্মৃতি ইৰাণীক জৱাবদিহি কৰিলে নীতা ডি’ছুজাই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 10, 2022 5:35 pm

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীৰ বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক জৱাবদিহি কৰিলে নীতা ডি’ছুজাই।

নীতা ডি’ছুজা হৈছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী।
ৰন্ধন গেছ- পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি সন্দর্ভত নীতা ডিছুজাই সোধা প্ৰশ্নত বিব্ৰতবোধ কৰে স্মৃতি ইৰাণীয়ে।

গুৱাহাটী বিমানবন্দৰত ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে স্মৃতি ইৰাণীক মুখামুখিকৈ বহু প্ৰশ্ন সোধে৷

কিন্তু উত্তৰ দিবলৈ গৈ মুখৰ মাত হেৰাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। কেৱল ভিডিঅ’ নকৰিবলৈ নীতাক আহ্বান জনোৱাৰ লগতে যাত্ৰীসকলৰ অহা-যোৱা কৰা পথ বন্ধ নকৰিবলৈও তেওঁ কয়।

নীতাই লগে লগে কয়—’সকলোৱে এই সমস্যাৰ সন্মুখীন হৈছে’।
উত্তৰত ইৰাণীয়ে কয়—’ চৰকাৰে ১.৮৩ বিলিয়ন দেশৰ জনতাক বিনামূলীয়া ভেকচিন দিয়াৰ লগতে দেশবাসীক বিনামূলীয়াকৈ ৰেছনৰ যোগান ধৰিছে ‘। এই সমগ্ৰ দৃশ্য নিজৰ মোবাইল ফোনৰ কেমেৰাত বন্দী কৰে নীতাই। ইয়াৰ পিছতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয়।

গুৱাহাটীৰ বিলাসী হোটেল ভিভান্তাত এক বিভাগীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।
ঠিক সেইদৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত মহিলা প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল’বলৈ আহিছিল ডিছুজা।
উল্লেখযোগ্য যে, ২০১৩ চনত স্মৃতি ইৰাণীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল।