NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 9:42 pm
22-Sarbananda-Sonowal

মূল্য বৃদ্ধি সন্দৰ্ভত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ কক্ষত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত সোণোৱালে অসম চেম্বাৰছ অফ কমাৰ্ছৰ লগতে কামৰূপ চেম্বাৰ অফ কমাৰ্ছৰ সৈতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান আৰু মজুত থকা সন্দৰ্ভত আলোচনা কৰে।

বৈঠকত সোণোৱালে আলু, পিয়াঁজ, কনী, মিঠাতেল আদিৰ দৰে সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ নাগৰিকক সমস্যাৰ সন্মুখিন কৰাই বুলি উল্লেখ কৰে।

সোণোৱালে এই ক্ষেত্ৰত চৰকাৰ নিৰ্বিকাৰ হৈ থাকিব নোৱাৰে বুলি উল্লেখ কৰি মূল্য বৃদ্ধি কৰা পাইকাৰী আৰু খুচুৰা বিক্ৰেতাৰ ক্ষেত্ৰত কঠোৰ হোৱাৰো ইংগিত দিয়ে।

আনহাতে, বৈঠকত সোণোৱালে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক আৰু এখন বৈঠকত অনুষ্ঠিত কৰি খাদ্য আৰু যোগান বিভাগৰ বিভিন্ন বিষয়াৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়।

তদুপৰি, কাইলৈৰ পৰা ৰাজ্যত পিয়াঁজৰ পাইকাৰী মূল্য ৫০ টকা নিৰ্ধাৰণ কৰা হয়।

খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে পিয়াঁজ আৰু আলুৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত পদপথৰ ব্যৱসায়ী সকলকো দোষাৰোপ কৰে।