NORTHEAST NOW (Assamese)
অসম

জালনোট সৰবৰাহ কৰিবলৈ আহি বিশ্বনাথ আৰক্ষীৰ জালত তিনিগৰাকী মণিপুৰৰ যুৱক

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম November 4, 2020 8:45 pm

বহিঃৰাজ্য মণিপুৰৰ পৰা জালনোট সৰবৰাহ কৰিবলৈ আহি বিশ্বনাথ আৰক্ষীৰ জালত পৰিছে তিনিগৰাকী মণিপুৰৰ যুৱক।

যুৱক তিনিজনৰ লগতে লখিমপুৰৰ এজন গাড়ী চালকো গ্ৰেপ্তাৰ হৈছে।

ধৃত যুৱক কেইজন হৈছে মণিপুৰৰ হবিজাম মংগলজাও সিং, খুলেম দিলেম সিং, সমেন্দ্ৰ জিৎ সিং আৰু গাড়ী চালক সুৰজ আলী।

গোপন সুত্ৰৰ পম খেদি বিশ্বনাথ জিলা আৰক্ষীয়ে বৰগাং আউট পোষ্টৰ সমীপত নাকা চেকিং কৰি থাকোতেই জালনোটৰ ব্যৱসায়ী দলটো জালত পৰে।

ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৭২ হাজাৰ টকা, ৬টা মোবাইল হেণ্ডচেট আৰু কেইবাখনো বিভিন্ন বেংকৰ এটিএম কাৰ্ড জব্দ কৰে।

যুৱক কেইজনে ব্যৱহাৰ কৰা এ এছ-০৭ চি -৪২৫৯ নম্বৰৰ এখন মহিন্দ্ৰ সুপ্ৰিঅ’ বাহনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা যুৱক কেইগৰাকীক বৰ্তমান জেৰা অব্যাহত ৰাখিছে।