NORTHEAST NOW (Assamese)
অসম

উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2022 7:57 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যুৰো অফ ইনভেষ্টিগেশ্যন(এফবিআই)য়ে দাবী কৰিছে যে এটা অনলাইন গেমিং প্লেটফৰ্মত চাইবাৰ আক্ৰমণ চলাই উত্তৰ কোৰিয়াৰ হেকাৰে ৬১৫ মিলিয়ন মাৰ্কিন ডলাৰ ক্ৰিপ্টোকাৰেন্সি চুৰ কৰিছে। ভাৰতীয় টকাৰ মূল্যত ই প্ৰায় ৪,৭০০ টকা হ’ব।

বাতৰি অনুসৰি, যোৱা মাৰ্চ মাহত জনপ্ৰিয় অনলাইন গেমিং কোম্পেনী এক্সিইনফিনিটৰ খেলুৱৈসকলৰ একাউন্টত চাইবাৰ আক্ৰমণ চলাই এই বৃহৎ পৰিমানৰ ধন তেওঁলোকে সৰকাই নিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ক্ৰিপ্টোকাৰেন্সিৰ ইতিহাসত ইমান বৃহৎ হেকিঙৰ ঘটনা এইটোৱে প্ৰথম। সেয়ে, ইতিমধ্যে ক্ৰিপ্টোকাৰেন্সিৰ সুৰক্ষাকলৈ প্ৰশ্ন উত্থাপিত হৈছে।

লগতে পঢ়ক: যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ

উত্তৰ কোৰিয়াৰ চাইবাৰ কাৰ্যসূচী নব্বৈৰ দশকৰ মাজভাগত আৰম্ভ হয় বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সামৰিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কোৱা হৈছে যে বিগত শতিকা নব্বৈৰ দশকত যাত্ৰা আৰম্ভ হ’লেও ক্ৰমে ই এটা শক্তিশালী চাইবাৰ যুদ্ধৰ শিৱিৰত পৰিণত হৈছে।