NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলা আহত

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 19, 2022 2:12 pm

মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ।

পাণ্ডু লোক কলনিত এজনৰ ঘৰত সোমাই আছিল নাহৰফুটুকী বাঘটো।

নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ৫০ উৰ্দ্ধৰ মহিলা।

মহিলাগৰাকীৰ নাম অঞ্জু ভট্টাচাৰ্য্য বুলি জানিব পৰা গৈছে।

চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অৱশেষত বহু চেষ্টাৰ অন্তত ৰতন দাস নামৰ লোকজনৰ বাৰীৰ পাছফালে কঁঠাল গছত উঠি থকা অৱস্থাত ট্ৰেংকুলাইজ কৰা হয় নাহৰফুটুকীটোক।

ট্ৰেংকুলাইজ কৰি বাঘটোক বন বিভাগৰ লোকে লৈ যায় অসম ৰাজ্যিক চিৰিয়াখানালৈ।