NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা April 10, 2021 8:40 pm
a myanmar

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত ২ এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰা বিহুনৃত্য আৰু ঢোলবাদনৰ কৰ্মশালাৰ আজি সামৰণি পৰে।

এই কৰ্মশালাৰ মূল প্ৰশিক্ষক ঢোলৰ ওজা সোমনাথ বৰাৰ নেতৃত্বত আৰম্ভ হৈ আজি সামৰণি পৰে।

সামৰণি অনুষ্ঠানত উপস্থিত হৈ সোমনাথ ওজাই কৰ্মশালাত অংশগ্ৰহণ কৰা ঢুলীয়া নাচনী সকলক ৰাইজৰ উপস্থিতিত পুনৰ প্ৰশিক্ষণ আগবঢ়াই ভুল ক্ৰুটি সমূহ আঙুলিয়াই দি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাট প্ৰশস্ত কৰাৰ চেষ্টা চলায়।

উল্লেখ্য বিগত ২০১০ চনৰ পৰাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই নৱপ্ৰজন্মক জাতীয় উৎসৱ বিহুৰ লগত একাত্মক ভাবে জড়িত কৰোৱাৰ মানসেৰে এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে ।

ঢোলৰ ওজা সোমনাথ ওজাই কয় যে অতীতত বিহুৰ বাবে কলিয়াবৰৰ এক সুকীয়াস্থান আছিল। কলিয়াবৰৰ এটা বিহুদলে অতীতত ৰাজ্য তথা দেশৰ বাহিৰত অনুষ্ঠান অনুষ্ঠিত কৰি এক সুকীয়া স্থান দখল কৰি থৈছে।যাৰ নাম আজিও বুৰঞ্জীত পোৱা যায়।

লগতে উজনিৰ পৰা বিহু দল আহি কলিয়াবৰত জিৰাই যোৱাৰো এক উদাহৰণ এইখন কলিয়াবৰতে আছে বুলি  তেওঁ মন্তব্য কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰি  অধিক উৎসাহ পোৱা বুলি মন্তব্য কৰি সোমনাথ বৰাই কয় যে  শিশু তথা অংশগ্ৰহণকাৰীৰ মৰমে তেওঁক আপ্লুত কৰিছে।