NORTHEAST NOW (Assamese)
অসম

এ’ টি এম খালী, বিহুত ওলাবনে পইচা, কি ক’লে এছ বি আইৰ মহাপ্ৰবন্ধকে?

Posted by: এন ই নাও নিউজ April 13, 2018 11:34 pm
sbi ATM SBI to eliminate Debit Cards

বিহুৰ বতৰত অসমৰ সকলো ঠাইতে ষ্টে’ট বেংকৰ এ’ টি এম ( ATM )বোৰ খালী হৈ পৰাত গ্ৰাহকসকলৰ মাজত হাহাকাৰ লগাৰ পৰতে কিছু সময় পূৰ্বে আজি ১৩ এপ্ৰিলত বেংকটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহা প্ৰবন্ধক পি ভি এছ এল এন মূৰ্তিয়ে জনাইছে যে আজিৰ ৰাতি ১২ বজাৰ পিছত সকলো এ টি এমতে পইচা উপলব্ধ হ’ব।

বিষয়াগৰাকীয়ে লগতে সদৰী কৰে যে বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাইজৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ এ’ টি এম (ম’বাইল ATM)ৰ ব্যৱস্থা কৰা হ’ব। গুৱাহাটীতো এনে ভ্ৰাম্যমাণ এ’ টি এম থাকিব।

তেওঁ লগতে জনাই যে এ’ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত অসুবিধা হ’লে সহায় কৰিবৰ বাবে শীঘ্ৰে গ্ৰাহকৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰা হ’ব।