NORTHEAST NOW (Assamese)
Popular Stories

যুৱতীক জীৱন্তে জ্বলাই দিয়া প্ৰেমিকৰূপী ঘাতক হবিবুৰক তৎপৰতাৰে গ্ৰেপ্তাৰ

Posted by: মিণ্টু দাস August 14, 2018 5:59 pm
Nahaon murder case

নগাঁও জিলাৰ জুৰীয়াত এগৰাকী যুৱতীক জীৱন্তে জ্বলাই দিয়া প্ৰেমিক ৰূপী ঘাতক হবিবুৰক আৰক্ষীয়ে তৎপৰতাৰে ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হবিবুৰক গ্ৰেপ্তাৰ কৰাৰ পূ্ৰ্বেই আৰক্ষীয়ে হত্যাকাণ্ডত পুতেকক সহযোগ কৰা তেওঁৰ বাপেক আব্দুল হাইক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখযোগ্য যে আজি পুৱা ৮ বজাত জুৰীয়াৰ শিঙাৰী ফাকলি গাঁৱত স্থানীয় ৰাইজে লাইলিনা বেগম নামৰ এগৰাকী যুৱতীক প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল। পিছত তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও সংকটজনক অৱস্থাত থকা যুৱতীগৰাকীয়ে চিকিৎসালয়খনতে শেষ নিশ্বাস ত্যাগ কৰে।

উক্ত বৰ্বৰ হত্যাকাণ্ডত জুৰীয়াৰ শিঙাৰী ফাকলি গাঁৱৰ আব্দুল হাই, হবিবুৰ, ফকৰুল আৰু ছফিকুল নামৰ লোককেইজনে জড়িত আছিল।

প্ৰাপ্ত তথ্য অনুসৰি নিহত যুৱতীগৰাকীৰ সৈতে আব্দুল হাইৰ পুত্ৰ হবিবুৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। তদুপৰি নাৰ্চ হিচাপে প্ৰশিক্ষিত যুৱতীগৰাকীক হবিবুৰে বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি যৌন সম্পৰ্ক ৰক্ষা কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে কালি আবেলি হবিবুৰে যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দি নিজ ঘৰলৈ মাতি নিছিল। কিন্তু ঘৰত হবিবুৰে তেওঁৰ পিতৃ আব্দুল হাই, সহযোগী ফকৰুল আৰু ছফিকুলৰ সৈতে মিলি তেওঁৰ গাত কেৰাচিন তেল ধালি জুই লগাই দিয়ে বুলি মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছিল।

ইয়াৰ উপৰি হবিবুৰৰ সৈতে থকা তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বাবেই এনে এক ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল বুলি নিহত লাইলিনাই মন্তব্য কৰিছিল।