NORTHEAST NOW (Assamese)
অসম

লাভ জেহাদৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ ইছলাম ধৰ্মীয় যুৱক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 18, 2024 9:06 pm
লাভ জেহাদৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ ইছলাম ধৰ্মীয় যুৱক

লাভ জেহাদ আৰু আৰ্থিক জালিয়াতিৰ অভিযোগত মহানগৰ আৰক্ষীয়ে হামিদুল ইছলাম নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

বিভিন্ন অপৰাধৰ অভিযোগ উত্থাপন কৰি এগৰাকী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে হামিদুলক। 

খবৰ অনুসৰি হামিদুলে যুৱতীগৰাকীৰ সৈতে ছদ্মৱেশ ধাৰণ কৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমিকাৰ আগত  নিজকে হিন্দু বুলি পৰিচয় দিছিল হামিদুল ইছলামে।

এই প্ৰৱঞ্চনামূলক পৰিচয়ৰ দ্বাৰা হামিদুলে যুৱতীগৰাকীৰ পৰা ১২ লাখ টকাৰ লৈ উধাও হৈছিল।

তদুপৰি হামিদুলে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত যুৱতীগৰাকীক একাধিক গৰ্ভপাত কৰিবলৈ বাধ্য হৈছিল। মুঠ পাঁচবাৰ গৰ্ভপাত কৰাইছিল যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে গুৱাহাটী চহৰৰ খ্ৰীষ্টান বস্তি অঞ্চলত হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

হামিদুলৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে অসম আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে।