NORTHEAST NOW (Assamese)
অসম

যাত্ৰীসকলৰ সুবিধাৰ্থে কিছুসংখ্যক ষ্টেশ্যনত স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ সময়সূচীৰ পৰিৱৰ্তন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 4:56 pm
যাত্ৰীসকলৰ সুবিধাৰ্থে কিছুসংখ্যক ষ্টেশ্যনত স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ সময়সূচীৰ পৰিৱৰ্তন

উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰে’লৱে অতিৰিক্ত ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

বৰ্তমান কাটিহাৰ আৰু আনন্দ বিহাৰ(দিল্লী)ৰ মাজত উৎসৱ স্পেচিয়েল ৰে’লৰ ২৬ টা ট্ৰিপ চলাবৰ বাবে ৰে’লৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰত্যেকটা দিশত ১৩ খনকৈ স্পেচিয়েল ৰে’লৰ ট্ৰিপ থাকিব আৰু স্পেচিয়েল ৰে’ল নং ০৪৪২৩ কাটিহাৰৰ পৰা অহা ১১ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ২৩ নৱেম্বৰ পৰ্যন্ত ২২-৪৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰি ১৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ পৰ্যন্ত আনন্দ বিহাৰ টাৰ্মিনাচত উপস্থিত হ’ব।

ভটিয়নি যাত্ৰাৰ সময়চোৱাত উৎসৱ স্পেচিয়েল ৰেল নং ০৪৪২৪ খনে অহা ১০ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ২২ নৱেম্বৰ ২০২০ পৰ্যন্ত দৈনিক ১৫.২০ ঘণ্টাত আনন্দ বিহাৰ টাৰ্মিনাচৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১৯.৫৫ ঘণ্টাত কাটিহাৰত উপস্থিত হ’ব।

এই স্পেচিয়েল ৰে’লখনত লাগেজ ভেন থকাৰ উপৰিও ১৩ টা শ্লীপাৰ শ্ৰেণীৰ ডবা, ৫ টা সাধাৰণ শ্ৰেণীৰ ডবাৰ গঠনেৰে আধুনিক এল এইচ বি ডবা থাকিব।

ৰে’লখনে উভয় যাত্ৰাৰ সময়চোৱাত বাৰাউনি জংচন, সমস্তিপুৰ জংচন, হাজীপুৰ জংচন, চাপ্ৰা, গোৰখপুৰ জংচন আৰু কানপুৰ চেণ্ট্ৰেল ষ্টেশ্যন হৈ যাত্ৰা কৰিব।

আনহাতে, ০২৪২৩/০২৪২৪ ডিব্ৰুগড়-নিউ দিল্লী স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ আগমন আৰু প্ৰস্থানৰ সময়সূচী কেইটিমান ষ্টেশ্যনত পৰিৱৰ্তন কৰা হৈছে।

সেই অনুসৰি ৭ নৱেম্বৰত ৰেল নং ০২৪২৩ নিউ জলপাইগুড়ীৰ পৰা ১৩.২৫ ঘণ্টাত যাত্ৰা কৰিব। ৰে’লখন ১৪.৩০ ঘণ্টাত কিষাণগঞ্জত আহি উপস্থিত হ’ব আৰু ১৪.৩২ ঘণ্টাত তাৰ পৰা যাত্ৰা প্ৰাৰম্ভ কৰি কাটিহাৰ ষ্টেশ্যনত ১৬.২৫ ঘণ্টাত আহি উপস্থিত হ’ব আৰু কাটিহাৰৰ পৰা ১৬.৩৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰিব।

সেই একেদৰে, ৰে’ল নং ০২৪২৪ খনে কাটিহাৰৰ পৰা ১০.০৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰিব।