NORTHEAST NOW (Assamese)
অসম

টিভি চাই থাকোতে এটি পাঁচ বছৰীয়া শিশুৱে অজানিতে গিলিলে ১২৩ টা চুম্বকৰ বল, তাৰ পিছত…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 5:15 pm
a mgnet ball

ভনীয়েকৰ সৈতে সেই সময়ত ৫ বছৰীয়া শিশুটি টিভি চোৱাত মগ্ন হৈ আছিল।

শিশুটি টিভিৰ মাজত এনেদৰে নিমগ্ন হৈ পৰিছিল যে চৌপাশৰ জগত খনত সেই সময়ত কি ঘটিছিল সেই কথালৈ শিশুটিৰ মুঠেও গুৰুত্ব নাছিল।

এনেদৰে একান্ত মনেৰে টিভি চাই থকা সময়তে শিশুটিয়ে হাতত তুলি লৈছিল টেবুলত সজাই থোৱা এডাল চুম্বকৰ বলৰ মালা। টিভি চাই চাইয়েই শিশুটিয়ে সেই মালাৰ পৰা এটা এটাকৈ চুম্বকৰ বল চিঙি মুখলৈ নিছিল আৰু নিজৰ অজানিতে সেয়া গিলি থৈছিল।

এনেদৰে ১২৩ টা চুম্বকৰ বল গিলি দিয়াৰ পিছত এটা বল শিশুটিৰ ডিঙিত লাগি ধৰিছিল।

তেতিয়াহে শিশুটি আৰু তেওঁৰ ভনীয়েকে ঘটনাৰ তত ধৰিব পাৰিছিল। চুম্বকৰ বল ডিঙিত লাগি ধৰাত ভনীয়েকে শিশুটিক পানী খাবলৈ দিছিল। সন্ধিয়া শিশুটিৰ মাক-দেউতাকে কামৰ পৰা উভতি অহাৰ পিছতে শিশুটিয়ে ভুলতে চুম্বকৰ এটা বলহে গিলি দিয়া বুলি কয়।

মাক-দেউতাকে লগে লগে শিশুটিক স্থানীয় চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে তেওঁক মেডিকেল কলেজলৈ নিয়াৰ পৰামৰ্শ দিয়ে।চীনৰ গুৱাংজু প্ৰদেশৰ শিশুটিক পিতৃ-মাতৃয়ে ততাতৈয়াকৈ গুৱাংজু মেডিকেল কলেজলৈ লৈ যায়।

মেডিকেল কলেজত শিশুটিৰ এক্সৰে কৰাৰ পিছতে তেওঁৰ পেটত বহু চুম্বকৰ বল থকা চিকিৎসকে দেখিবলৈ পায়।অলপো সময় নষ্ট নকৰি চিকিৎসকে শিশুটিৰ পেটৰ পৰা সেই বল উলিয়াই অনাৰ চেষ্টা চলায়।

লোৰ এখন সৰু জাল শিশুটিৰ পেটলৈ সুমুৱাই দি চুম্বকৰ বল বোৰ বাহিৰলৈ উলিয়াই অনাত সফল হয় চিকিৎসকসকল।

এনেদৰে শিশুটিৰ পেটৰ পৰা চিকিৎসকে মুঠ ১২৩ টা চুম্বকৰ বল বাহিৰ কৰিবলৈ সক্ষম হয়।চিকিৎসক ডাঃ চেন ৱাইনেই প্ৰকাশ কৰা মতে শিশুটি বৰ্তমান বিপদমুক্ত।