NORTHEAST NOW (Assamese)
অসম

মেৱানিৰ গ্ৰেপ্তাৰ আইনৰ শাসনৰ পৰিপন্থী : অসম নাগৰিক সমাজ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 22, 2022 7:04 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে টুইট কৰাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা বিধায়ক জিগনেছ মেৱানীক সাধাৰণ চোৰ-ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে অসম নাগৰিক সমাজে।

অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, উপ- সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে স্বাক্ষৰ কৰা এক বিবৃতিত মেৱানীৰ গ্ৰেপ্তাৰক আইনৰ শাসনৰ পৰিপন্থী কথা বুলি উল্লেখ কৰা হৈছে।

বিবৃতিটোত এনেদৰে কোৱা হৈছে—’গুজৰাটৰ ভদগাম সমষ্টিৰ নিৰ্দলীয় এম এল এ জিগনেছ মেৱানিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা এটা সাধাৰণ টুইটক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে কেতবোৰ মনেসজা অভিযোগত কোকৰাঝাৰ থানাত দিয়া এখন এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ পুলিচৰ এটা দলে গুজৰাটলৈ গৈ মেৱানিক গ্ৰেপ্তাৰ কৰি আনি সম্প্ৰতি কোকৰাঝাৰৰ জেল হাজোতত ৰাখিছে৷ এই গোটেই কথাটোত আমি হতবাক হৈছোঁ৷ কোনোবাই প্ৰতিশোধ পৰায়ণ হৈ বা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাৰ বিৰুদ্ধে পুলিচ থানাত এজাহাৰ এখন দিলেই তাৰ আইনী দিশবোৰ ভালদৰে বিবেচনা নকৰাকৈ অভিযুক্ত ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাটো কেনে কথা?তাতে ব্যক্তি গৰাকী যদি এজন ৰাইজৰ প্ৰতিনিধি হয়! ই আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী কথা নহয়নে? আমাৰ দেশত মানুহৰ বাকস্বাধীনতা আছেনে নাই? দেশৰ পুলিচ প্ৰশাসন কোন পথে গতি কৰিছে? অসম নাগৰিক সমাজৰ তৰফৰ পৰা আমি এই গ্ৰেপ্তাৰৰ ঘোৰ নিন্দা কৰিছোঁ আৰু অতি শীঘ্ৰে জিগনেছ মেৱানিক মুক্তি দিবলৈ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ’।